অসম

assam

ETV Bharat / state

দিনজোৰা কাৰ্যসূচীৰে দৰঙত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন - সজাগতা সমদল

দৰঙত আজি পালন কৰা হয় বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ এই দিৱসৰ সৈতে সংগতি ৰাখি পুৱা 10 বজাত এক সজাগতা সমদল উলিওৱা হয় ৷

দিনজোৰা কাৰ্যসূচীৰে পালন
দৰঙত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

By

Published : Oct 10, 2020, 6:28 PM IST

দৰং, 10 অক্টোবৰ : জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰম আৰু জিলা স্বাস্থ্য সমিতি, দৰঙৰ উদ্যোগত 10 অক্টোবৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয় । এই বছৰৰ দিৱসৰ মূল বিষয়বস্তু "সকলোৰে বাবে মানসিক স্বাস্থ্য, বেছি বিনিয়োগে বেছি সফলতা আনে"ৰ বিষয়টি আগত ৰাখিয়েই পুৱা 10 বজাত এক সজাগতা সমদল মঙলদৈ অসামৰিক চিকিৎসালয় চৌহদৰ পৰা মঙলদৈ চহৰৰ মাজেৰে উলিওৱা হয় । সমদলটো আনুষ্ঠানিকভাৱে মুকলি কৰে দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই লগতে উপস্থিত থাকে ভাৰপ্ৰাপ্ত দৰং জিলা স্বাস্থ্য সঞ্চালক ডাঃ ইলোৰা চৌধুৰী ।

সমদলত অংশগ্ৰহণ কৰে জি এন এম প্ৰশিক্ষণ স্কুল, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মঙলদৈ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ, কৰ্মচাৰীসকল, মনোৰোগ বিভাগৰ মনোবিজ্ঞানী পুষ্প কলিতা, মানসিক সমাজসেৱক প্ৰাঞ্জল ঠাকুৰীয়া, ৰেকৰ্ড কিপাৰ চাহিদ আলি আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জয়ন্ত দেৱ শৰ্মা । জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰমৰ দ্বাৰা ইউথ ক্লাৱ, মঙলদৈত শতাধিক লোকৰ উপস্থিতিত ভাৰপ্ৰাপ্ত দৰং জিলা স্বাস্থ্য সঞ্চালক ডাঃ ইলোৰা চৌধুৰীৰ সভাপতিত্বত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয় ।

প্ৰথমেই সমবেত সংগীত পৰিবেশন কৰে জি এন এমৰ শিক্ষাৰ্থীসকলে । মানসিক ৰোগৰ বিষয়ে বিশদভাৱে আলোচনা আগবঢ়াই জিলা মানসিক স্বাস্থ্য বিষয়া তথা মনোৰোগ চিকিৎসক ডাঃ মুনীন্দ্ৰ মেধিয়ে কয় যে, আচলতে ক'ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সমগ্ৰ বিশ্বতে মানুহে কম বেছি পৰিমাণে হতাশাত ভুগিছে । তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এইবাৰৰ বিষয়বস্তু হিচাপে লোৱা হৈছে "সকলোৰে বাবে মানসিক স্বাস্থ্য, বেছি বিনিয়োগে বেছি সফলতা আনে" ।

লগতে পঢ়ক :ৰে’ল কৰ্মচাৰীৰ বাসগৃহত উদ্ধাৰ 15 লক্ষাধিক নগদ ধন

For All Latest Updates

ABOUT THE AUTHOR

...view details