অসম

assam

ETV Bharat / state

World Breastfeeding Week: দৰঙত বিশ্ব স্তনপান পষেকৰ শুভ উদ্বোধন - World Breastfeeding Week inaugurated in Darrang

দৰঙত আয়োজন বিশ্ব স্তনপান পষেকৰ শুভ উদ্বোধনী কাৰ্যসূচী (World Breastfeeding Week 2022) ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা পুৱা এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় ।

world-breastfeeding-week-inaugurated-in-darrang
দৰঙত বিশ্ব স্তনপান পষেকৰ শুভ উদ্বোধন

By

Published : Aug 1, 2022, 6:50 PM IST

দৰং, 1 আগষ্ট: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি দৰঙতো আয়োজিত হয় বিশ্ব স্তনপান পষেকৰ কাৰ্যসূচী (World Breastfeeding Week inaugurated in Darrang)। এই পষেক জোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা পুৱা এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় ।

এই সজাগতামূলক শোভাযাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰীতিৰেখা শইকীয়াই । এই কাৰ্যসূচীৰ পিছতেই হোটেল শ্যামলীত অনুষ্ঠিত হয় শুভ উদ্বোধনী অনুষ্ঠান ৷ পষেকৰ সময়ছোৱাত স্তনপান সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ বাবে সকলো স্বাস্থ্যকৰ্মীৰ প্ৰতি অনুৰোধ জনাইছে উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে ।

উল্লেখ্য যে, এই স্তনপান পষেক আজিৰে পৰা ৭ আগষ্টলৈ চলিব (Breastfeeding Week runs from today until August)। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মাধ্যম বিশেষজ্ঞ জাহ্নৱী শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ গোপীনাথ বৰা, মহকুমা স্বাস্থ্য বিষয়াদ্বয় ক্ৰমে ডাঃ ইলোৰা চৌধুৰী, ডাঃ প্ৰীতি ৰেখা শইকীয়া, জিলা টীকাকৰণ বিষয়া ডাঃ ৰূপৰেখা কলিতা, আঁচনি প্ৰবন্ধক নয়না পৰাশৰ, জিলা সামূহিক সংগঠক মল্লিকা দেৱীৰ লগতে অৰ্ধ শতাধিক নাৰ্ছ, আশা আৰু অংগণবাদী কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:Hepatitis-B vaccination camp: নুনমাটিত হেপাটাইটিছ বি-চিৰ প্ৰতিষেধক শিবিৰ

ABOUT THE AUTHOR

...view details