অসম

assam

ETV Bharat / state

Eid al Adha: মঙলদৈত মহিলাৰ সমূহীয়া নামাজ - Eid celebration at Mangoldoi

ৰাজ্য়ৰ অন্য় প্ৰান্তৰ লগতে দেওবাৰে মঙলদৈতো পালন কৰা হয় ঈদ-উজ-জোহা। এই উৎসৱৰ অংশ ৰূপে মঙলদৈত মহিলাসকলেও অংশ গ্ৰহণ কৰিলে নামাজত (Eid celebration at Mangoldoi) ।

mangoldoi
Eid al Adha: মঙ্গলদৈত মহিলাৰ সমূহীয়া নামাজ

By

Published : Jul 10, 2022, 4:21 PM IST

মঙলদৈ, ১০ জুলাই : ৰাজ্য়ৰ অন্য় প্ৰান্তৰ লগতে দেওবাৰে মঙলদৈতো পালন কৰা হয় ঈদ-উল-জোহা বা ঈদ-উল-আজহা (Eid al-Adha) ৷ সমগ্ৰ দেশজুৰি পালন কৰা কুৰ্বানি ঈদৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ । এই উৎসৱৰ অংশ ৰূপে মঙলদৈত মহিলাসকলেও অংশ গ্ৰহণ কৰিলে নামাজত (Eid celebration at Mangoldoi) । মঙলদৈত মহিলাৰ সমূহীয়া নামাজৰ পৰম্পৰা আৰু ৰক্ষণশীলতা পৰিহাৰ কৰি ওলাই আহিল মহিলা ।

পবিত্ৰ ঈদৰ দিনটোত দৰং জিলাৰ সদৰ মঙলদৈত দেখিবলৈ পোৱা গ’ল মহিলা নামাজ । পুৰুষৰ সমানে ওলাই আহিল মহিলা সকলো(Woman participate in namaz in Mangoldoi) । মঙলদৈৰ বান্দিয়া ঈদগাহ ময়দানত মহিলা সকলে সমূহীয়াভাৱে নামাজত অংশ গ্ৰহণ কৰা দৃশ্য় আছিল ব্য়তিক্ৰমী । ধৰ্মান্ধতা আতৰাই পুৰুষৰ নামাজীৰ সৈতে একেলগে নামাজ আদায় কৰিলে মহিলা সকলেও ।

Eid al Adha: মঙলদৈত মহিলাৰ সমূহীয়া নামাজ

জিলাখনৰ বন্দীয়া অঞ্চলত বিগত বছৰ সমূহৰ দৰে এইবাৰো ঈদৰ দিনটোত সমূহীয়াভাৱে নামাজ আদায় কৰে মহিলা সকলে । মঙলদৈতৰ বান্দিয়া গাঁৱৰ বান্দিয়া ইদগাহ ময়দানত দহখন গাঁৱৰ মহিলাই ১৯৯৮ চনৰ পৰা ঈদ উপলক্ষে মহিলা সকলে নামাজত অংশগ্ৰহণ কৰি আহিছে । জিলাখনৰ বাঘপৰি, অগলাচৰ, মধুচৰ, বান্দিয়াকে ধৰি প্ৰায় দহখন গাঁৱৰ মহিলাকলে একেলগে পৰ্দাৰ মাজত নামাজ আদায় কৰে ।

লগতে পঢ়ক:Eid al Adha 2022 : গুৱাহাটীত ঈদৰ উচ্চাহ

ABOUT THE AUTHOR

...view details