অসম

assam

ETV Bharat / state

মঙলদৈত পুনৰ মুকলি হ’ল মহিলা বজাৰ - জীৱিকা

ক’ভিড-19 ৰ ভয়াৱহতাৰ মাজতেই মঙলদৈত পুনৰ খোল খালে আত্মসহায়ক গোট সমূহৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰা এখন মহিলা বজাৰ ৷ বৰ্তমান কৰ'ণা মহামাৰীয়ে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে পুনৰ বজাৰ মুকলি কৰা বিষয়টো কিমান যুক্তিসংগত তথা প্ৰাসংগিক সেয়া এক চিন্তনীয় বিষয় ৷

মঙলদৈত পুনৰ মুকলি হ’ল মহিলা বজাৰ
মঙলদৈত পুনৰ মুকলি হ’ল মহিলা বজাৰ

By

Published : Sep 12, 2020, 7:57 PM IST

মঙলদৈ,12 ছেপ্টেম্বৰ: ক’ভিড-19 ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা সম্পূৰ্ণ লক ডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ সকলো বজাৰ সমাৰ বন্ধ হৈ আছিল ৷ বিগত কেইবামাহ ধৰি চলি থকা লক ডাউনৰ বাবেই বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ প্ৰায় পাচটা মাহৰ অন্তত শনিবাৰে মঙলদৈত পুনৰ আৰম্ভ হৈছে মহিলা বজাৰ ৷

মঙলদৈত পুনৰ মুকলি হ’ল মহিলা বজাৰ

মঙলদৈৰ আত্মসহায়ক গোট সমূহৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত এই মহিলা বজাৰ খনে বিশেষ অৰিহণা যোগাইছে ৷ মহিলা সকলক স্বনির্ভৰশীল কৰাৰ উদ্দেশ্যেৰে ৰাষ্টীয় নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত আৰু মঙলদৈ বিধায়ক গুৰুজ্যোতি দাসৰ প্ৰচেষ্টাত আৰম্ভ হৈছে এই বজাৰ খন ।পূৰ্বৰ দৰেই প্ৰতি শনিবাৰে অনুষ্ঠিত হ'ব এই বজাৰ খন । ইপিনে বৰ্তমান কৰ'ণা মহামাৰীয়ে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে পুনৰ বজাৰ মুকলি কৰা বিষয়টো কিমান যুক্তিসংগত তথা প্ৰাসংগিক সেয়া এক চিন্তনীয় বিষয় ৷

লগতে পঢ়ক:মায়ানগৰীত স্বপ্ৰতিভাৰে জিলিকিছে অসম কন্যা

ABOUT THE AUTHOR

...view details