দৰং,8 মাৰ্চঃ জনশিক্ষণ সংস্থান দৰঙৰ উদ্যোগত ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্রালয়ৰ পৃষ্ঠপোষকতাত দেওবাৰে মঙলদৈত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । নাৰী দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৭.৩০ বজাত সমূহীয়া চাফাই,৮ বজাত বৃক্ষৰোপন কাৰ্যসূচীৰ পিছত ৯ বজাত বন্তি প্রজ্বলন কৰে জন শিক্ষণ সংস্থান দৰঙৰ উপাধ্যক্ষ তথা জিলা ৰেচম বিভাগৰ সহকাৰী সঞ্চালক যোগেশ চন্দ্র তালুকদাৰে । ৯.৩০ বজাত "মহিলাৰ সম অধিকাৰ আৰু সম মৰ্যদাহে সমাজৰ সুস্থিৰতা আনিব"-শীৰ্ষক বিষয়ত অনুষ্ঠিত বক্তৃতানুষ্ঠানত হিমানী কাকতি দাসে প্ৰথম স্থান, প্ৰেমদা ডেকা নাথে দ্বিতীয় স্থান, বন্দনা দেৱী আৰু আনোৱাৰা বেগমে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে ।
মঙলদৈত জন শিক্ষণ সংস্থানৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন - মঙলদৈত জন শিক্ষণ সংস্থানৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন
জনশিক্ষণ সংস্থান দৰঙৰ উদ্যোগত ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্রালয়ৰ পৃষ্ঠপোষকতাত দেওবাৰে মঙলদৈত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ।

দিনৰ ১১.৪৫বজাত দৰং জিলা মহিলা সমিতিৰ সভানেত্রী ৰাণী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে ৷ দাসে মহিলাসকললৈ আন্তৰ্জাতিক মহিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মহিলাসকলে নিজ নিজ কৰ্মদক্ষতাৰে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে ৷ লগতে নাৰীসকলৰ ইচ্ছা-আকাংক্ষাৰ বাবেহে সমাজখন আগুৱাই গৈছে বুলি উল্লেখ কৰে । মহিলাসকলক আনৰ সমালোচনা,বদনামক আওকাণ নকৰি আগবাঢ়ি গৈ সমাজখনক উন্নতিৰ পথত আগুৱাই নিবলৈ আহ্বান জনায় ৷
লগতে চাওকঃনাৰী দিৱস উপলক্ষ্যে ডিমা হাছাওত সন্মানীত তিনি মহিলা
TAGGED:
womens day