দৰং, 3 এপ্ৰিলঃআকবৰ আলীয়ে মিছ কলৰ জৰিয়তে চিনাকী হৈছিল দলগাঁৱৰ যুৱতীগৰাকীৰ লগত ৷ ম'বাইলৰ জৰিয়তে দুয়োৰে মাজত প্ৰেমৰ সৰ্ম্পক গঢ়ি উঠাৰ পাছত আকবৰে যুৱতী গৰাকীক বিয়াৰ প্ৰস্তাৱেৰে গাজিয়াবাদলৈ পলুৱাই নিয়ে ৷ যুৱতীগৰাকীৰ সৈতে কেইদিনমান দিল্লীত কটোৱাৰ পাছত আকবৰে যুৱতীগৰাকীক দুষ্ট চক্ৰৰ হাতত পঞ্চাশ হেজাৰ টকাত বিক্ৰী কৰি অসমলৈ উভতি আহে ৷
দলগাঁও আৰক্ষীৰ জালত আন্তঃৰাজ্যিক নাৰী সৰবৰাহকাৰী - নাৰী সৰবৰাহকাৰী
দৰঙৰ দলগাঁৱত আৰক্ষীয়ে আব্দুল আজিজ ওৰফে ফকিৰ আলী ওৰফে আকবৰ আলী নামৰ এটা আন্তঃৰাজ্যিক নাৰী সৰবৰাহকাৰীক আটক কৰে ৷ বিয়াৰ প্ৰলোভনেৰে দিল্লীত বিক্ৰী কৰা এগৰাকী যুৱতীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে আকবৰ আলীক
যুৱতীগৰাকী কোনোমতে দুষ্ট চক্ৰৰ কৱলৰ পৰা পলায়ন কৰি বিনা টিকটত দিল্লীৰ পৰা গুৱাহাটী অভিমুখে ট্ৰেইনত আহি থাকোতে টিকট পৰীক্ষকে পাই লক্ষ্নৌ ৰেলৱে আৰক্ষীক গতাই দিয়ে ৷ ৰেল আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন কৰি যুৱতীগৰাকী সন্ধানহীন হৈ থকাৰ কথা নিশ্চিত হয় ৷
যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দৰঙৰ শ্যামপুৰ থানাৰ আৰক্ষীৰ দল এটাই যুৱতীগৰাকীক লক্ষ্নৌৰ পৰা উদ্ধাৰ কৰি আনে ৷ যুৱতীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত শ্যামপুৰ আৰক্ষীয়ে মূল অভিযুক্ত আজিজ ওৰফে ফকিৰ আলী ওৰফে আকবৰ আলীক দৰঙৰ গেণ্ডা পুখুৰীৰ পৰা আটক কৰে ৷