অসম

assam

Natural History Museum : আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী ফটোগ্ৰাফাৰ প্ৰতিযোগিতাত জিলিকিল দলগাঁৱৰ নেজিব

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 6:27 PM IST

লণ্ডনত বন্যপ্ৰাণী ফটোগ্ৰাফাৰ অৱ দ্য ইয়েৰ প্ৰদৰ্শনীত অংশগ্ৰহণ দলগাঁৱৰ নেজিব আহমেদৰ ৷ লণ্ডনৰ প্ৰখ্যাত নেচাৰেল হিষ্টৰী মিউজিয়ামত এবছৰৰ বাবে প্ৰদৰ্শিত হৈ থাকিব নেজিবৰ ৱাইল্ডলাইফ ফটো ৷

Wildlife photographer Nejib Ahmed
বন্যপ্ৰাণী ফটোগ্ৰাফাৰ অৱ দ্য ইয়েৰ প্ৰদৰ্শনীত অংশগ্ৰহণ দলগাঁৱৰ নেজিব আহমেদৰ

নেচাৰেল হিষ্টৰী মিউজিয়ামত প্ৰদৰ্শিত নেজিবৰ ৱাইল্ডলাইফ ফটো

দলগাঁও, ১৬ অক্টেবৰ : আন্তঃৰাষ্ট্ৰীয় মঞ্চত সন্মানিত হ'ল এজন অসমীয়া যুৱক ৷ যুৱকজন হ'ল অসমৰ বন্যপ্ৰাণী ফটোগ্ৰাফাৰ আৰু প্ৰকৃতি সংৰক্ষণবিদ দৰঙৰ দলগাঁৱৰ নেজিব আহমেদ ৷ ২০২৩ বৰ্ষৰ লণ্ডনস্থিত নেচাৰেল হিষ্টৰী মিউজিয়াম (Natural History Museum) ৰ উদ্যোগত অনুষ্ঠিত হোৱা বিখ্যাত বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী ফটোগ্ৰাফাৰ (Wildlife Photographer of the Year) প্ৰতিযোগিতাৰ ৫৯ সংখ্যক অনুষ্ঠানত অংশগ্ৰহণ নেজিব আহমেদৰ ৷

বিগত ৯ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈকে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে নেজিবে ৷ বন্যপ্ৰাণীৰ জীৱন সম্পৰ্কীয় এলানি ফটোৰ সৈতে অনুষ্ঠানত উপস্থিত হয় নেজিব আহমেদ ৷ নেজিবৰ প্ৰতিভাই ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ অফ দ্য ইয়েৰ প্ৰতিযোগিতাত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ৷ তেওঁৰ এখন ফটোক 'ফটো সাংবাদিকতা' শাখাত বিশেষভাৱে সন্মানিত কৰা হৈছে ৷ এই সন্মানীয় অনুষ্ঠানটোলৈ আমন্ত্ৰিত হোৱা আহমেদ হ'ল প্ৰথমজন অসমীয়া ৷

এই অনুষ্ঠানত বিগত বৰ্ষত নেজিবৰ কেমেৰাত আবদ্ধ হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকিয়াপতীয়া বাঘৰ ফটো পুৰষ্কৃত হয় ৷ নেজিবৰ এই কৃতিত্বই নিশ্চিত কৰে যে তেওঁৰ কৰ্মৰাজি ২০২৩-২৪ চনত এবছৰৰ বাবে প্ৰদৰ্শিত হৈ থাকিব লণ্ডনৰ প্ৰখ্যাত নেচাৰেল হিষ্টৰী মিউজিয়ামত ৷ এই অনুষ্ঠানত প্ৰতি বছৰে বিজয়ী আৰু প্ৰশংসিত ছবিসমূহৰ প্ৰদৰ্শনী অনুষ্ঠিত হয় ৷ পৰৱৰ্তী সময়ত বিভিন্ন দেশত এই ছবি সমূহৰ প্ৰদৰ্শন হ’ব ৷ এই প্ৰতিযোগিতাখনে বিশ্বৰ অন্যতম সন্মানীয় প্ৰতিযোগিতা হিচাপে প্ৰশংসা লাভ কৰি আহিছে ৷

উল্লেখযোগ্য যে ২০২৩ ৰ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ অফ দ্য ইয়েৰ অনুষ্ঠানলৈ ৯৫ খন দেশৰ ফটোগ্ৰাফাৰ আমন্ত্ৰিত হৈছিল ৷ অংশগ্ৰহণকাৰী ফটোগ্ৰাফাৰ সকলৰ মুঠ ৪৯,৯৫৭ খন ফটোগ্ৰাফৰ ভিতৰত পেনেলৰ বিচাৰ প্ৰক্ৰিয়াৰ দ্বাৰা বিজয়ীসকলক নিৰ্বাচিত কৰা হৈছে ৷ লণ্ডনৰ আইকনিক নেচাৰেল হিষ্টৰী মিউজিয়ামত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান ৷ এই অনুষ্ঠানতে বছৰৰ শেহতীয়া বন্যপ্ৰাণী ফটোগ্ৰাফাৰৰ পৰ্টফলিঅ’ উন্মোচন কৰা হয়, য’ত বিজয়ী ছবিসমূহ প্ৰদৰ্শিত কৰা হয় ৷ ইয়াৰ পিছত লণ্ডনত বন্যপ্ৰাণী ফটোগ্ৰাফাৰ অৱ দ্য ইয়েৰ প্ৰদৰ্শনী মুকলি হয়, যিয়ে গোটেই বছৰ বিশ্বজুৰি ৫০ লাখৰো অধিক দৰ্শকক আকৰ্ষণ কৰে ৷

উল্লেখযোগ্য যে নেজিব হৈছে প্ৰথমজন অসমীয়া যিয়ে এই সন্মানীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰে আৰু যাৰ ফটোগ্ৰাফী নেচাৰেল হিষ্টৰী মিউজিয়ামত প্ৰদৰ্শিত হ'ব ৷ তেওঁৰ এই স্বীকৃতি তথা প্ৰাপ্তি অসমবাসীৰ বাবেও সন্মান আৰু গৌৰৱ বিষয় ৷ বিগত ১৫ বছৰে নেজিবে বন্যপ্ৰাণী সংৰক্ষণ আৰু ইয়াৰ প্ৰাকৃতিক বাসস্থান সংৰক্ষণৰ বাবে কাম কৰি আহিছে ৷ তেওঁৰ উল্লেখযোগ্য সাফল্যৰ ভিতৰত ২০২২ ৰ 'নেচাৰ ইন ফ'কাছ' আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফী প্ৰতিযোগিতাৰ সংৰক্ষণ শাখাত নিৰ্বাচিত হয় ৷ তেওঁ ব্যতিক্ৰমী ফটোগ্ৰাফীৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণৰ বিষয়সমূহৰ ওপৰত সজাগতাৰ সৃষ্টি কৰি আহিছে ৷

ইয়াৰ উপৰিও নেজিবে ২০১৮ ত ফটোগ্ৰাফী ক্লাব অৱ অসমৰ দ্বাৰা আয়োজিত প্ৰকৃতি ফটোগ্ৰাফীত বিজয়ী আৰু ২০১৯ ত অসমৰ ফটোগ্ৰাফিক ছ’চাইটিৰ দ্বাৰা বছৰৰ শ্ৰেষ্ঠ প্ৰকৃতি ফটোগ্ৰাফাৰৰ সন্মান লাভ কৰিছে ৷ তেওঁৰ এই কাম সমূহ নেচনেল জিঅ’গ্ৰাফিক আৰু বি.বি.চি. ৱাইল্ডলাইফ আলোচনীকে ধৰি সন্মানীয় প্ৰকাশন সমূহতো স্বীকৃতি লাভ কৰি আহিছে ৷ তদুপৰি আউটলুক ট্ৰেভেলাৰ, ছাইভাছ ইণ্ডিয়া, চেঞ্চুৰী এছিয়া আদি বিশিষ্ট আলোচনীলৈ তেওঁ মূল্যৱান অৱদান আগবঢ়াই আহিছে ৷

তেওঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ' প্ৰদীপ্ত বৰুৱাৰ সৈতে "বাৰ্ডচ অফ ওৰাং" (Birds of Orang) নামেৰে এখন পক্ষী নিৰীক্ষণৰ কিতাপ প্ৰকাশ কৰিছে ৷ বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ নেজিবে 'ৱাইল্ড উইংছ'(Wildwings) নামেৰে এটি এন.জি.অ’.স্থাপন কৰে, য’ত তেওঁ বিপন্ন প্ৰজাতিৰ সুৰক্ষাৰ প্ৰচেষ্টাৰ নেতৃত্ব দিয়ে আৰু পৰিৱেশৰ সৈতে সহাৱস্থানৰ পোষকতা কৰা বহনক্ষম পদ্ধতিৰ পোষকতা কৰে ৷

লগতে পঢ়ক :SP Anand Mishra : এইবাৰ কাৰাটে প্ৰশিক্ষকৰ ৰূপত আনন্দ মিশ্ৰ

ABOUT THE AUTHOR

...view details