দৰং, 26 জুনঃ স্বাধীনতাৰ ৭২ বছৰ পিছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইখন অসম মুলুকত ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলৰ অধিনস্থ ছিপাঝাৰ সমষ্টিৰ বটাহবাৰী পানীযোগান আঁচনিৰ টেংকিৰ ভিতৰ ভাগ বৰ্তমান ঘাঁহ বনেৰে আগুৰি পৰিছে ৷ ব্যতিক্ৰম নহয় চৌহদ ভাগ ৷ বছৰ বছৰ ধৰি বিকল হৈ পৰি আছে পানী যোগান আঁচনি ৷ ২০০৩ চনতে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী দীনেশ প্ৰসাদ গোৱালাই শুভাৰম্ভ কৰা এই পানী যোগান আঁচনিখনৰ পৰা বৃহত্তৰ ৰাইজে দুই তিনিবছৰ পানী পালে ঠিকেই ৷ তাৰ পিছত ভূত বাংলাত পৰিনত হল আঁচনিখন ৷
বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ দৰঙৰ বটাহবাৰী ৰাইজৰ - পানীযোগান আঁচনি
পানীযোগান আঁচনি সক্ৰিয় কৰিবলৈ বিধায়ক বিনন্দ কুমাৰ শইকীয়া , বিভাগীয় মন্ত্ৰী ৰিহন দৈমাৰী মুন্দা বাদ ধ্বনিৰে প্ৰতিবাদ মহিলাৰ ৷
এতিয়া গাহৰিৰ গড়াৰলত পৰিনত বিশুদ্ধ খোৱাপানী যোগান আঁচনি ৷ লাখ টকা খৰছ কৰি কেৱল আঁচনিখন ৰূপায়ন কৰিবলৈ স্থাপন কৰা বিদ্যুতিক ট্ৰেন্সফাৰ এতিয়া লতাৰে আৱৰি আছে এচুকত ৷ ঘোৰ নিদ্ৰাত মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ । বাৰে বাৰে বিভাগীয় বিষয়া তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক জনায় অহাৰ পিছতো গা- নলৰে বিষয়া জনপ্ৰতিনিধিৰ ৷
পানী যোগান আঁচনিটো এইদৰে বিকল হৈ পৰি থকাৰ বাবে এতিয়া বটাহবাৰীৰ বৃহত্তৰ অঞ্চলৰ লোকসকল বঞ্চিত হৈছে বিশুদ্ধ খোৱাপানী পোৱাৰ পৰা ৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বটাহবাৰীবাসী ৰাইজে ৷ সেয়ে আঁচনিখন শীঘ্ৰে মেৰামতি কৰাৰ দাবীত গাঁৱৰ মহিলাসকল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল ৷ পৰিবৰ্তনকামী চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মহিলা সকলে ৷