ছিপাঝাৰ, 13 জুনঃ স্বাধীনতাৰ ৭২ বছৰ পিছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ছিপাঝাৰৰ পথৰুঘাটবাসীয়ে ৷ মেৰামতিৰ অভাৱত জহি খহি গৈ বিকল হৈ পৰিছে কাৰ্যালয়টো ৷ বছৰ বছৰ ধৰি এনেদৰে এলাগী হৈ আছে পানী যোগান আচঁনিটো ৷ ১৯৮৬ চনতে প্ৰতিষ্ঠা কৰা পানী যোগান আঁচনিটোৰ কদৰ্যৰূপৰ ফলত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পথৰুঘাটবাসীয়ে ৷
পথৰুঘাটত বিকল বিশুদ্ধ খোৱাপানী আঁচনি - খোৱাপানী আঁচনি
১৯৮৬ চনতে প্ৰতিষ্ঠা কৰা পানী যোগান আঁচনিৰ কদৰ্য ৰূপৰ ফলত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পথৰুঘাটবাসীয়ে ৷
পথৰুঘাটত বিকল বিশুদ্ধ খোৱাপানী আঁচনি
চাফ-চিকুণতাৰ অভাৱত বন-বিৰিখ, শেলুৱৈৰে ভৰি পৰিছে পানী যোগান আচঁনিটো ৷ আনহাতে বাৰে বাৰে বিভাগীয় বিষয়াক এই বিষয়ে জনায় অহাৰ পিচতো গা-লৰা নাই বিভাগীয় কতৃপক্ষৰ ৷ আঁচনিটো বিকল হোৱাৰ বাবে এতিয়া বৃহত্তৰ পথৰুঘাটৰ অঞ্চলৰ প্ৰায় ৭ টাকৈ চুবুৰীৰ লোকসকল বঞ্চিত হৈছে বিশুদ্ধ খোৱাপানী পোৱাৰ পৰা ৷