দৰং, 23 অক্টোবৰঃ বৃহস্পতিবাৰে মঙলদৈত উপস্থিত হয় ৰাজ্যিক স্থাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ৷ উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰে দুটাকৈ অনুষ্ঠানৰ ।
উল্লেখ্য যে,দহ বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনতেই নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা মঙলদৈ নগৰ পানী যোগান আঁচনি খন বৃহস্পতিবাৰে পুনৰ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । উক্ত পানী যোগানৰ আঁচনিৰ পৰা জিলা খনৰ প্ৰায় 50 হাজাৰ ৰাইজে পানী লাভ কৰিবলৈ পাব বুলি মন্তব্য কৰে যদিও প্ৰথম পৰ্যায়ত আধা সংখ্যক লোকেহে এই পানী যোগান ব্যৱস্থাটোৰ পৰা পানী লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ তাৰোপৰি,পানী যোগান আঁচনিৰ লগতে মন্ত্ৰী গৰাকীয়ে ২০ টাকৈ হাইমাস্ক লাইটৰ শুভ উদ্বোধন কৰে । উক্ত দুয়োটা কার্যসূচীতে মন্ত্ৰী গৰাকীক সহযোগ কৰে সাংসদ দিলীপ কুমাৰ শইকীয়া আৰু মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে ।