মঙলদৈ, ২৫ জুলাই: মঙলদৈত শিক্ষা বিভাগৰ কাণ্ডই ৰাইজৰ চকু কপালত তুলিছে । শিক্ষা বিভাগৰ হেমাহিৰ বাবে চৰকাৰী আঁচনিৰ ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপিত হৈছে । সময় মতে বিতৰণ নকৰাৰ ফলত বিদ্যালয়ৰ বন্ধ কোঠাতেই নষ্ট হৈছে শ শ চাইকেল । চৰকাৰী আঁচনিৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ বাবে অহা চাইকেল সমূহ বিতৰণ নকৰি যতে -ততে পেলাই থোৱাত ভাঙি ছিঙি গৈছে চাইকেল সমূহ ।
উল্লেখযোগ্য যে ২০১৭ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনতেই নৱম শ্ৰেণীৰ ছাত্ৰী সকলক দিবলৈ দৰঙলৈ অনা হৈছিল চাইকেল সমূহ । কিন্তু চাইকেল সমূহ কিছু বিতৰণৰ কৰি বেছি সংখ্যক পেলাই থৈছে (Cycle for school students)। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিদ্যাপীঠ হাইস্কুলত এতিয়াও পৰি আছে এই চাইকেল সমূহ । দুখন বিদ্যালয়ৰ শ্ৰেণীকোঠা বন্ধ কৰি চাইকেল সমূহ ৰখাত পাঠদানৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধা হৈছে বিদ্যালয় কৰ্তৃপক্ষৰ ।