অসম

assam

ETV Bharat / state

দৰঙত আনুষ্ঠানিকভাৱে প্ৰকাশ 2021 ৰ চূড়ান্ত ভোটাৰ তালিকা - দৰং

সোমবাৰে দৰং জিলাৰ চাৰিওটা সমষ্টিৰ বাবে প্ৰকাশ কৰা হয় 2021 ৰ চূড়ান্ত ভোটাৰ তালিকা ৷ এইবেলি চাৰিওটা সমষ্টিতে মুঠ ভোটাৰৰ সংখ্যা 8,26,465 গৰাকী ।

voter list
ভোটাৰ তালিকা

By

Published : Jan 18, 2021, 9:43 PM IST

মঙলদৈ,18 জানুৱাৰী : ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সোমবাৰে দৰং জিলাৰ কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ, দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটাৰ পঞ্জীয়ন বিষয়াসকলে জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰি উলিয়াইছে 2021 ৰ চূড়ান্ত ভোটাৰ তালিকা

এই উপলক্ষে দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আৰক্ষী অধীক্ষক, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত উপায়ুক্ত, নিৰ্বাচন পঞ্জীয়ন বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰা হয় ।

উক্ত সভাত জনসাধাৰণৰ জ্ঞাতাৰ্থে নিৰ্বাচনী বিষয়া হেমাশ্ৰী খনিকৰে ৰাজহুৱা কৰে সমাগত বিধানসভাৰ ভোটাৰ তালিকা ৷ প্ৰকাশিত তালিকা অনুসৰি , চাৰিওটা সমষ্টিৰে মুঠ ভোটাৰৰ সংখ্যা 8,26,465 গৰাকী । ইয়াৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা 4,20,986 জন, মহিলা ভোটাৰ 4,05,465 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 14 গৰাকী ।

উল্লেখ্য যে, ভোটাৰ পঞ্জীয়নৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে ‘ERO NET’ নামৰ এক ৱেবভিত্তিক পদ্ধতিৰ ব্যৱস্থা কৰিছে । ৱেব প’ৰ্টেল www.NVSP.inত ভোটাৰসকলে নিজৰ লগতে আন আন তথ্য জানিব পাৰিব । জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই প্ৰত্যেকটো ৰাজনৈতিক দলৰ বিষয়ববীয়াসকলক এই ক্ষেত্ৰত অধিক সক্ৰিয় হৈ ৰাইজৰ মাজত ভোট প্ৰদান বিষয়ত সজাগতা আনিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :কোকৰাঝাৰত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সজাগতামূলক কাৰ্যসূচী

ABOUT THE AUTHOR

...view details