অসম

assam

খাৰুপেটীয়াৰ পাইকাৰী বজাৰত উচ্চ দামত বিক্ৰী পাচলি

By

Published : Nov 20, 2019, 11:34 PM IST

খাৰুপেটীয়াৰ পাইকাৰী বজাৰত উচ্চ দামত বিক্ৰী হৈছে শাক-পাচলি ৷ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ অত্যাধিক মূল্যত ক্ৰয় কৰিব লাগে সাধাৰণ লোকে ৷

খাৰুপেটীয়াৰ বালুগাঁও পাইকাৰী বজাৰ

দলগাঁও, 20 নৱেম্বৰ : দৰঙৰ খাৰুপেটীয়াৰ বালুগাঁও পাইকাৰী বজাৰত উচ্চ দামত বিক্ৰী হৈছে অতি প্ৰয়োজনীয় শাক-পাচলি ৷ নেৰানেপেৰা বৰষুণ তথা বানৰ কবলত পৰাৰ ফলত জিলাখনৰ দলগাঁও আৰু মংগলদৈ সমষ্টিৰ বহু কৃষকে প্ৰয়োজনীয় শাক-পাচলি উৎপাদন কৰাত বাধাৰ সৃষ্টি হ'ল ৷ যাৰ ফলত কৃষি নগৰ ৰূপে পৰিচিত খাৰুপেটীয়াৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে ৰাজ্যৰ অন্যান্য চহৰৰ গ্ৰাহকসকলেও অধিক দামত ক্ৰয় কৰিব লগীয়া হৈছে নিত্য প্ৰয়োজনীয় পাচলিসমূহ ।

খাৰুপেটীয়াৰ পাইকাৰী বজাৰত উচ্চ দামত বিক্ৰী পাচলি

চাহিদা অনুপাতে উৎপাদন নোহোৱাৰ ফলতে 5 টকীয়া পাচলিও 20ৰ পৰা 22 টকাত বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে ৷

খাৰুপেটীয়াৰ পাইকাৰী বজাৰত উচ্চ দামত বিক্ৰী পাচলি

আৰু পঢ়ক : ওৰাঙত পুনৰ একেটা স্থানতে পথ দুৰ্ঘটনা: থিতাতে নিহত এজন

ABOUT THE AUTHOR

...view details