দৰং, 1 ছেপ্টেম্বৰ"হাগ্ৰামা মহিলাৰি এজন কমেদিয়ান। হাগ্ৰামা মহিলাৰিৰ বাবে বিটিচিবাসীয়ে লাজ পাইছে" মঙলবাৰে ওডালগুৰিত উপস্থিত হৈ এই মন্তব্য কৰে UPPL দলৰ সভাপতি প্ৰমোদ বড়োৱে । ওডালগুৰি জিলাৰ টংলাৰ বিটিচি ৩৪ নং খালিংদুৱাৰ পৰিষদীয় সমষ্টিত অনুষ্ঠিত UPPL দলৰ যোগদান কাৰ্যসূচীত উপস্থিত হয় দলটোৰ সভাপতিগৰাকী ।
হাগ্ৰামা মহিলাৰি এজন কমেদিয়ানঃ প্ৰমোদ বড়ো - প্ৰমোদ বড়ো
বড়ো ভূমিত বিজেপি দলৰ ওপৰিও অন্য দলৰ 50 জনতকৈ অধিক লোকে UPPL দলত যোগদান কৰে। দলীয় যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে ১৭ বছৰ বিটিচিত শাসন কৰা হাগ্ৰামা মহিলাৰিক সমালোচনা কৰি তেওঁক কমেদিয়ান আখ্যা দিয়ে । আনহাতে হাগ্ৰামাৰ বাবেই বিটিচি বাসী ৰাইজে লাজত পৰিবলগীয়া হৈছে বুলিও মন্তব্য কৰে প্ৰমোড বড়োৱে ।
বড়ো ভূমিত বিজেপি দলৰ ওপৰিও অন্য দলৰ 50 জনতকৈ অধিক লোকে UPPL দলত যোগদান কৰে । দলীয় যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে ১৭ বছৰ বিটিচিত শাসন কৰা হাগ্ৰামা মহিলাৰিক সমালোচনা কৰি তেওঁক কমেদিয়ান আখ্যা দিয়ে । আনহাতে হাগ্ৰামাৰ বাবেই বিটিচি বাসীয়ে লাজত পৰিবলগীয়া হৈছে বুলিও মন্তব্য কৰে প্ৰমোড বড়োৱে ।
BTR চুক্তি অপ্ৰাসংগিক বুলি হাগ্ৰামাই কৰা মন্তব্যক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে UPPL দলৰ সভাপতিগৰাকীয়ে । এনে মন্তব্যই চুক্তি স্বাক্ষৰ কৰাৰ সময়ত উপস্থিত থকা গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আনকি প্ৰধানমন্ত্ৰীকো অপমান কৰিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰমোড বড়োৱে । ইয়াৰোপৰি এইবেলি ৰাইজে বিটিচিত পৰিৱৰ্তন বিচাৰিছে । সেয়ে ৰাইজৰ স্বাৰ্থত, ৰাইজৰ কাম কৰা, ৰাইজৰ চিন্তা কৰা এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ বিটিচিত আহিব বুলি মন্তব্য প্ৰকাশ কৰে UPPL দলৰ সভাপতিগৰাকীয়ে ।