মঙলদৈ, 8 এপ্ৰিলঃনিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দৰঙত নিৰ্বাচনী বতাহ তুংগত উঠিছে ৷ বিভিন্ন ৰাজনৈতিক দল সমূহে অভিযোগ, প্ৰতি অভিযোগৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷ তেনে সময়তে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ দৰঙৰ কেইবাখনো নিৰ্বাচনী সভাত প্ৰচাৰ চলালে উওৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ডঃ মহেন্দ্ৰ সিঙে ৷
কংগ্ৰেছ দল হৈছে ৰাতি মানুহৰ দুৱাৰ হেচা দলঃ দিলীপ শইকীয়া
মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ এই মন্তব্য ৷ দৰঙৰ কেইবাখনো নিৰ্বাচনী সভাত দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ডঃ মহেন্দ্ৰ সিঙে ৷
দীঘিৰপাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ নিৰ্বাচনৰ তত্ত্বাৱধায়ক ডঃ মহেন্দ্ৰ সিঙে মোদী চৰকাৰৰ উন্নয়নমূলক কাম-কাজ তথা আঁচনি সমূহৰ জৰীয়তে কি দৰে ৰাইজ লাভৱান হৈছে তাক বৰ্ণনা কৰি কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰে ৷ লগতে এই জনসভাতে মহেন্দ্ৰ সিঙে নিৰ্বাচনৰ পূৰ্বে দিলীপ শইকীয়াক বিজয় মালা পিন্ধায় ৷ আনহাতে দিলীপ শইকীয়াই ভুৱনেশ্বৰ কলিতাই 33 বছৰ ধৰি ৰাজনীতি কৰাৰ পাচতো একো উল্লেখনীয় কাম কৰা নাই বুলি অভিযোগ কৰে ৷ তদুপৰি ভুৱনেশ্বৰ কলিতাই এতিয়া অৱসৰ লৈ নতুন প্ৰাৰ্থীক উষ্ম আদৰণি জনাব লাগে বুলি কলিতাক কটাক্ষ কৰে দিলীপ শইকীয়াই ৷ লগতে এইবাৰ অসমৰ 4 টা লোকসভা সমষ্টিত বিজেপি দল প্ৰথম স্থানত থাকিব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে শইকীয়াই ৷ উল্লেখ্য যে প্ৰতিকূল বতৰকো নেওচি প্ৰায় দুই সহস্ৰাধিক লোক উপস্থিত থকা এই সভাখনত ছিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া আৰু গুৰুজ্যোতি দাস উপস্থিত থাকে ৷