দৰং, 27 জুলাই:1991 চনৰ এই দিনটোতে আলফা সজাই একেলগে গুলীয়াই হত্যা কৰা হৈছিল দৰঙৰ 5 গৰাকী নিৰীহ গঞাক ৷ ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ নিৰ্মম অত্যাচাৰত প্ৰাণ হেৰুৱাইছিল সেই 5 গৰাকীকৈ গঞাই ৷ দিপীলাৰ এখন কাঠৰ দলঙত ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ গাড়ীলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰিছিল সংযুক্ত মুক্তি বাহিনী অসমৰ সদস্যই ৷ সেই ঘটনাৰ পাচতেই নিৰাপত্তাৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাছিল কোনো লোক ৷ সাৰি যোৱা নাছিল খেতি পথাৰৰ কামত ব্যস্ত খেতিয়ক,শিক্ষককে ধৰি মিস্ত্ৰীৰ পৰা নৰিয়াত পৰা আত্মীয়ৰ বাবে দৰৱ আনিবলৈ যোৱা শিক্ষিত যুৱকো ৷
সেইদিনা আছিল ১৯৯১ চনৰ ২৭ জুলাই ৷ দিপীলাৰ 5 গৰাকী লোকক মাতি আনিলে অৰ্ধ সামৰিক বাহিনী জোৱানে ৷ ভিন্ন সোধ-পোছৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হ'ল এখন পথাৰৰ মাজেৰে ৷ পথাৰৰ মাজেৰে যাবলৈ দি পিচফালৰ পৰা তেওঁলোকক উদ্যেশ্যি ধাৰাসাৰ গুলীবৰ্ষন কৰে নিৰাপত্তাৰক্ষীয়ে ৷ থিতাতে নিহত হৈ পথাৰৰ মাজতে পৰি ৰৈছিল বিদ্যালয়ত টিউচন কৰি নিজৰ উপাৰ্জনৰ পথ বাছি লোৱা গনেশ ডেকা, শিক্ষিত যুৱক প্ৰমোদ কলিতা,হস্ততাঁত বস্ত্ৰ বিভাগত কৰ্মৰত কৰুণা কলিতা,ৰাজমিস্ত্ৰী চন্দ্ৰ বৰুৱা আৰু পথাৰত ঘাঁহ কাটিবলৈ যোৱা কৃষক কেশৱ ডেকা ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল দিলীপ কলিতা আৰু গিৰিন্দ্ৰ কলিতা নামৰ দুগৰাকী লোক ৷ ভৰিত দুটাকৈ গুলী লগা গিৰিন্দ্ৰ কলিতাই কোনোমতে পলাই সাৰিছিল নিৰাপত্তা বাহিনীৰ কবলৰ পৰা ৷ মাটি বিক্ৰী কৰি গিৰিন্দ্ৰ কলিতাই ভৰিৰ পৰা এটা গুলী উলিয়াবলৈ সক্ষম হ'ল যদিও,আজিলৈ আনটো গুলী উলিয়াবলৈ সক্ষম নহ'ল তেওঁ ৷ যাৰ বাবে সেই দিনটোৰ পৰাই পংগুত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হয় লোকগৰাকীয়ে ৷ আজিলৈ সেই নিহত সকলৰ লগতে আহত সকলৰ পৰিয়ালে কোনো ধৰণৰ সাহায্য লাভ কৰা নাই যদিও, দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটি পোহপাল দি আছে গিৰিন্দ্ৰ কলিতাই ৷