দলগাঁও, 1 মে':২০১৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰৰ তদানীন্তন মন্ত্ৰী ৰকিবুল হুছেইনে, মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী বসন্ত দাস, দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলী, কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মেম্বৰ গগৈৰ উপস্থিতত, দৰং জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনস্থ মঙলদৈ সমষ্টিৰ নিজ খাৰুপেটীয়াত, ৫০০০ মেট্ৰিক টন ক্ষমতা সম্পন্ন শীতলীকৃত ভঁৰাল ঘৰৰ আধাৰশিলা স্থাপন কৰিছিল । আধাৰশিলা স্থাপনৰ পিচতে সেই বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হয় শীতলীকৃত ভঁৰালগৃহটোৰ নিৰ্মাণৰ কাম । ২০১৬ বৰ্ষৰ ১৯ অক্টোবৰৰ পৰা আৰম্ভ হোৱা নিৰ্মাণ কাম ২০১৮ বৰ্ষৰ ১০ অক্টোবৰত সমাপ্ত কৰাৰ বাবে চৰকাৰে নিদিষ্ট সময়সীমা বান্ধি দিয়ে ।
আজিকোপতি মুকলি নহ'ল খাৰুপেটীয়াৰ শীতলীকৰণ ভঁৰাল - শীতলীকৃত ভঁৰাল
আজিলৈ মুকলি নহ'ল ২০১৬ বৰ্ষতে মঙলদৈ সমষ্টিৰ নিজ খাৰুপেটীয়াত নিৰ্মাণৰ কাম আৰম্ভ কৰা ৫০০০ মেট্ৰিক টন ক্ষমতা সম্পন্ন শীতলীকৃত ভঁৰালৰ । প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল শীতলীকৃত ভঁৰালটো ।
উল্লেখ্য যে, সময়সীমাৰ প্ৰায় দুটা বছৰ অতিক্ৰম কৰাৰ পিচতো কৃষকৰ বাবে আজিলৈ মুকলি কৰি দিবলৈ সক্ষম নহ'ল শীতলীকৃত ভঁৰালটো । এই সন্দৰ্ভত কামত নিয়োজিত কনিষ্ঠ অভিযন্তা দেৱব্ৰত সৰকাৰক প্ৰশ্ন কৰাত বিভিন্ন অজুহাত দেখুৱায় যদিও, উক্ত শীতলীকৃত ভঁৰালগৃহটো নিৰ্মাণৰ কাম বৰ্তমান প্ৰায় সম্পূৰ্ণ হৈছে আৰু লক্ ডাউনৰ পিচতেই মুকলি কৰা হ'ব বুলি সংবাদ মাধ্যমক অৱগত কৰে । প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই শীতলীকৃত ভঁৰাল গৃহ নিৰ্মাণৰ কাম সময় মতে সম্পূৰ্ণ নোহোৱাৰ বাবে, লক্ ডাউনৰ সময়চোৱাত বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোৰ কৃষক সকল ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ।
লগতে পঢ়কঃজনিয়াত উজলা আঁচনিৰ গেছ যোগানত ব্যাপক অনিয়মৰ অভিযোগ