দৰং,18 ছেপ্তেম্বৰ: ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনা ৷ কেইদিনমান পূৰ্বে ডিব্ৰুগড়ৰ ষ্টেট বেংকত সংঘটিত হোৱা ঘৃণনীয় কাণ্ডৰ পাছত এইবাৰ দৰঙত এজন অটোচালকৰ আন এক ঘৃণনীয় কাণ্ড পোহৰলৈ আহিছে ৷ চলন্ত অটোত কাষত 2 জনীকৈ ছাত্ৰীক বহুৱাই অশ্লীল ইংগিত অটোচালকৰ ৷ সমগ্ৰ নিৰ্লজ্জ কাণ্ডটো চচিয়েল মিডিয়াত ভাইৰেল কৰা দৰঙৰ মহলীয়াপাৰাৰ যুৱক ৰিতুৰাজ ডেকাসহ মঙলদৈ মোল্লাপাৰা গাঁৱৰ অটোচালক মুকুল আলি ওৰফে ক'লাক আটক কৰিছে আৰক্ষীয়ে ৷
দুদিন পূৰ্বে দৰঙৰ দুনীৰ দুগৰাকী ছাত্ৰী মঙলদৈৰ ইছলামপুৰস্থিত পেৰামেডিকেলৰ শিক্ষা প্ৰতিস্থান এখনত পাঠ গ্ৰহণ কৰি ঘৰলৈ উভতি গৈছিল অটোচালক মুকুল আলি ওৰফে কলাৰ অটোত ৷ সেই সময়তে চালকৰ আসনৰ দুয়োফালে দুইগৰাকী ছাত্ৰীক বহুৱাই মুকুল আলি ওৰফে ক'লাই এক ঘৃণনীয় কাণ্ড কৰাৰ লগতে দিলে অশ্লীল ইংগিত ৷