দৰং, 2 আগষ্ট : অসমত সৰ্বত্ৰে চৰ্চা এতিয়া বজৰং দলৰ মাৰণাস্ত্ৰ প্ৰশিক্ষণক লৈ ৷ এটা ধৰ্মীয় সংগঠনে ইমানখিনি সাহ পালে কেনেকৈ ? মাৰণাস্ত্ৰ প্ৰশিক্ষণৰ দৰে এক সংবেদনশীল বিষয়তো আৰক্ষী-প্ৰশাসনৰ পৰা অনুমতি নোলোৱাটোৱে দৰাচলতে সূচাইছে কি ?
মঙলদৈ মহৰ্ষী বিদ্যা মন্দিৰত অস্ত্ৰৰ মুকলি প্ৰশিক্ষণ লোৱা সম্পৰ্কত মঙলদৈ আৰক্ষীয়ে দুজন সদস্যক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই মঙলদৈ চহৰৰ চাৰি নং ৱাৰ্ডৰ পৰা বিজয় ঘোষ আৰু ওদালগুৰি জিলাৰ ডিমাকুচীৰ পৰা গোপল বড়োক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা গোপাল বড়োৱে চাৰিদিনীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে ।
আনহাতে মঙলদৈ চহৰত ব্যৱসায় কৰা বিজয় ঘোষে ৩০ জুলাইৰ মঙলদৈ চহৰত উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে । ইফালে বুধবাৰৰ বিয়লি দুয়োকে স্বাস্থ্য পৰীক্ষা কৰোৱাই আদালতত হাজিৰ কৰাৰ পিচত জেললৈ প্ৰেৰণ কৰা হৈছে । মন কৰিবলগীয়া কথা যে মঙলদৈত মুকলিকৈ অস্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰ মূল অভিযুক্ত অভিজিৎ ঘোষ আৰু সুব্ৰত সাহা আজিও পলাতক অৱস্থাত আছে ।