অসম

assam

ETV Bharat / state

ছিপাঝাৰৰ পাতিদৰঙৰ পথাৰৰ পুখুৰীত উদ্ধাৰ দুই বন্ধুৰ মৃতদেহ - পাথৰিঘাট আৰক্ষী

শুকুৰবাৰে ছিপাঝাৰৰ পাতিদৰঙৰ পথাৰৰ এটা পুখুৰীত উদ্ধাৰ দুই বন্ধু দ্বীপজ্যোতি শৰ্মা(৩২) আৰু দীজু ৰাজবংশী(৩৬)ৰ মৃতদেহ ৷ যুৱকদ্বয়ক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ স্থালীয় ৰাইজৰ ৷

ছিপাঝাৰৰ পাতিদৰঙৰ পথাৰৰ পুখুৰীত উদ্ধাৰ দুই বন্ধুৰ মৃতদেহ
ছিপাঝাৰৰ পাতিদৰঙৰ পথাৰৰ পুখুৰীত উদ্ধাৰ দুই বন্ধুৰ মৃতদেহ

By

Published : Jun 11, 2021, 1:02 PM IST

Updated : Jun 11, 2021, 1:12 PM IST

দৰং, 11 জুন :শুকুৰবাৰে ছিপাঝাৰত সংঘটিত হৈছে এক অঘটন ৷ ছিপাঝাৰৰ পাতিদৰঙৰ পথাৰৰ এটা পুখুৰীত উদ্ধাৰ হৈছে দুটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহ দুটা দ্বীপজ্যোতি শৰ্মা (৩২) আৰু দীজু ৰাজবংশী (৩৬)ৰ বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে, বিগত তিনিদিন ধৰি সন্ধানহীন হৈ আছিল দুই যুৱক । আজি অৰ্থাৎ শুকুৰবাৰে পথাৰলৈ হাল বাবলৈ যোৱা অৱস্থাত এজন লোকে প্ৰত্যক্ষ কৰে মৃতদেহ দুটা । তাৰ পিছতেই অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

ছিপাঝাৰৰ পাতিদৰঙৰ পথাৰৰ পুখুৰীত উদ্ধাৰ দুই বন্ধুৰ মৃতদেহ

পৰৱৰ্তী সময়ত খবৰ দিয়া হয় আৰক্ষীক ৷ ঘটনাস্থলীত উপস্থিত হয় পাথৰিঘাট আৰক্ষী ৷ পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই মৃতদেহ দুটা উদ্ধাৰ কৰি মঙলদৈলৈ প্ৰেৰণ কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, মৃত দ্বীপজ্যোতি শৰ্মা আৰু দীজু ৰাজবংশী দুয়ো বন্ধু আছিল ৷ দুই বন্ধুৰ মৃতদেহ দুটা কি কাৰণত পথাৰৰ মাজৰ পুখুৰীত পৰি থাকিল তাক লৈ ৰাইজৰ মাজত ৰহস্য ঘনীভূত হৈছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

লগতেপঢ়ক:নামৰূপ চাহ বাগিচাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

Last Updated : Jun 11, 2021, 1:12 PM IST

ABOUT THE AUTHOR

...view details