দৰং, 27 ডিচেম্বৰ: শনিবাৰে বিশিষ্ট সাহিত্যিক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি সূৰ্য শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ মঙলদৈ প্ৰেছ ক্লাৱত সাহিত্যিক সূৰ্য শৰ্মাৰ ‘অজ্ঞাত বাস’ আৰু ‘প্ৰেম যুগে যুগে’ - নামৰ গ্ৰন্থ দুখন উন্মোচন কৰা হয় ৷ ‘অজ্ঞাত বাস’ নামৰ গল্প সংকলন খন গিৰিন্দ্ৰ শৰ্মাই উন্মোচন কৰাৰ বিপৰীতে ‘প্ৰেম যুগে যুগে’ নামৰ কবিতা পুথিখন ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক লক্ষীকান্ত শৰ্মাই উন্মোচন কৰে । এই কবিতা পুথিখনত মুঠ 31 টা কবিতা সন্নিৱিষ্ট কৰা হৈছে ৷
মঙলদৈত সূৰ্য শৰ্মাৰ দুখনকৈ গ্ৰন্থ উন্মোচন - surya sarmas two book released at mangaldoi
দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি সূৰ্য শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন ৷ কুমাৰ সুৰুজ নামেৰে পৰিচিত সাহিত্যিক সূৰ্য শৰ্মাৰ ‘অজ্ঞাত বাস’ আৰু ‘প্ৰেম যুগে যুগে’- নামৰ দুখন গ্ৰন্থ শনিবাৰে মঙলদৈ প্ৰেছ ক্লাবত উন্মোচিত হয় ৷
গ্ৰন্থ উন্মোচনী সভা খনত উপস্থিত থাকি মঙলদৈৰ ৰঞ্জিত শৰ্মা একাডেমি জুনিয়ৰ কলেজৰ অধ্যক্ষ গিৰিন্দ্ৰ কুমাৰ শৰ্মাই মন্তব্য কৰে যে, বৰ্তমান সমাজত পুৰুষ লেখকৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ বিপৰীতে আগবাঢ়ি আহিছে মহিলা লেখকসকল ৷ বৰ্তমান গল্প সাহিত্যও ক্ৰমাৎ হ্ৰাস পাই আহিছে বুলিও শৰ্মাই মন্তব্য কৰে ৷ প্ৰতিষ্ঠিত লেখক সূৰ্য শৰ্মাই সমাজৰ বাস্তৱ ছবিসমূহ লৈ কলেজীয়া জীৱনৰ পৰাই সাহিত্য চৰ্চা কৰি অহা বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে গ্ৰন্থৰ দ্বাৰাহে অসমীয়া ভাষা সাহিত্য জীয়াই থাকিব ৷
লগতে পঢ়ক:দৰঙৰ ২২০ টা নামঘৰলৈ অসম দৰ্শন আঁচনিৰ অধীনত আৰ্থিক অনুদান