দৰং, 4 এপ্ৰিল: বৃহস্পতিবাৰে দৰঙৰ দুমুনীচকীৰ পৰা আৰক্ষীয়ে দুৰ্বৃত্তই অপহৰণ কৰা এখন ৰড ভৰ্তি ট্ৰাক উদ্ধাৰ কৰে ৷ 3 এপ্ৰিলত গুৱাহাটীৰ পৰা শিৱসাগৰলৈ 20 টন ৰড লৈ কঢ়িয়াই নিয়া এখন ট্ৰাক এদল যুৱকে অপহৰণ কৰিছিল ৷ ঘটনাৰ এদিন পাছতেই দৰং আৰক্ষীয়ে ৰডখিনি উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত সাত জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
ৰড ভৰ্তি ট্ৰাক উদ্ধাৰ - ETV ASSAM
3 এপ্ৰিলত গুৱাহাটীৰ পৰা শিৱসাগৰলৈ 20 টন ৰড লৈ কঢ়িয়াই নিয়া এখন ট্ৰাক এদল যুৱকে অপহৰণ কৰিছিল ৷ ঘটনাৰ এদিন পাছতে বৃহস্পতিবাৰে দৰঙৰ দুমুনীচকীৰ পৰা আৰক্ষীয়ে দুৰ্বৃত্তই অপহৰণ কৰা এখন ৰড ভৰ্তি ট্ৰাক উদ্ধাৰ কৰে ৷ এই ঘটনাৰ লগত জড়িত সাত জন অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
TRUCK SEIZED AT DARANG
উল্লেখ্য যে, হুচনে মোবাৰক আৰু হিমাদুল হকে নিশা আহাৰ গ্ৰহন কৰি থকা বাহনখনৰ চালক আৰু হেণ্ডিমেনজনক মাৰধৰ কৰি ট্ৰাকখন লৈ কলাইগাঁৱৰ দয়াৰাম ডেকাৰ ঘৰত ৰডখিনি ৰাখি বাহনখন মঙলদৈ বাগানৰ মাজত থৈ উধাও হয় ৷
গোপন সূত্ৰৰ পম খেদি দৰং আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নেতৃত্বত যোৱা আৰক্ষী দলে বুধবাৰে নিশা অভিযান চলাই এই ঘটনাৰ লগত জড়িত হিমাদুল হক, দয়াৰাম ডেকা,হিমাদুল হক,হুচনে মোৱাৰক, মহম্মদ ফাৰুক,ৰাকেচ কলিতা আৰু ধীৰাজ ৰায় চৌধাৰীক গ্ৰেপ্তাৰ কৰে ৷