অসম

assam

By

Published : Dec 21, 2020, 9:26 PM IST

ETV Bharat / state

দৰঙত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি

মঙলদৈত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ দৰং জিলা কংগ্ৰেছৰ উদ্যোগত মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো । সমান্তৰালকৈ খাৰুপেটীয়াতো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

tribute-to-late-ex-cm-tarun-gogoi
দৰঙত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি

মঙলদৈ/দলগাঁও, 21 ডিচেম্বৰ : মঙলদৈত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংসদ তথা তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ । দৰং জিলা কংগ্ৰেছৰ উদ্যোগত মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো। পুৱাৰে পৰা নাম প্ৰসংগ, জিকিৰ, ওজাপালি, খুলীয়া ভাওৰীয়াৰ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয় । দৰং জিলাত বিভিন্ন প্ৰান্তৰ পৰা অহা কংগ্ৰেছৰ কৰ্মীৰ লগতে জিলা খনৰ আন আন লোকসকলেও অংশগ্ৰহণ কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, প্ৰাক্তন মন্ত্ৰী বসন্ত দাস উপস্থিত থাকে ৷

দৰঙত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি

সমান্তৰালকৈ খাৰুপেটীয়াতো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । দলগাঁও, শিয়ালমাৰী আৰু বেছিমাৰি ব্লক কংগ্ৰেছৰ উদ্যোগত খাৰুপেটীয়াৰ মাজমজিয়াস্থিত অসম ক্লাৱত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৷ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুৱা প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিমূৰ্তিত দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলিয়ে মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে বেদ , পুৰাণ , বাইবেল , গীতা-ভাগৱত, কোৰান আদি পাঠ কৰে ধৰ্মীয় গুৰুসকলে ।

উক্ত শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত উপস্থিত হৈ পুত্র গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, " প্ৰয়াত তৰুণ গগৈ আমাৰ মাজত যে নাই তেনেকুৱা অনুভৱ হোৱা নাই, এনেকুৱা লাগিছে যেন তেখেত আমাৰ মাজত জীয়াই আছে । তেওঁৰ যি স্মৃতি, আদৰ্শ, অভিজ্ঞতা, পৰামৰ্শ আজি মানুহে এই শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে মনত পেলাই দিছে । তেখেতৰ যি আধৰুৱা সপোন আমি সকলোৱে মিলি পূৰণ কৰিম । "
লগতে পঢ়ক : মঙলবাৰে মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল গগৈ !

ABOUT THE AUTHOR

...view details