দলগাঁও, 13 ছেপ্তেম্বৰ : দেওবাৰে দৰঙৰ ধূলাত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনাত ৷ নম্বৰ প্লেট বিহীন এখন টেক্টৰে মহতিয়াই নিয়ে এগৰাকী মহিলাক ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় মহিলাগৰাকী । মৃত্যু হোৱা মহিলা গৰাকী পানীয়াখাট গাঁৱৰ বেউলা খাতুন বুলি জানিব পৰা গৈছে ।
দৰঙত টেক্টৰৰ খুন্দাত নিতাহে নিহত মহিলা - চালক-হেণ্ডিমেন
দৰঙত শোকাবহ পঁথ দুৰ্ঘটনা ৷ দুৰ্ঘটনা থিতাতে নিহত মহিলা ৷ আৰক্ষী উপস্থিত হয় মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ ৷

দৰঙত টেক্টৰৰ খুন্দাত নিতাহে নিহত মহিলা
ইফালে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে টেক্টৰখনৰ চালক-হেণ্ডিমেন পলাবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক :COVID-19: সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ পূৰ্বে অনুষ্ঠিত নহয় সৰ্বদলীয় বৈঠক