দৰং, 3 জুনঃ দৰঙত দ্ৰুতি গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ বুধবাৰৰ দিনটোত ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ আছুতীয়া কক্ষত থকা দুজন আৰু খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰান্টাইন কেন্দ্ৰত থকা ১১ জন লোকৰ শৰীৰত ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ সম্প্ৰতি আক্ৰান্ত লোক কেইজনক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ নতুনকৈ আক্ৰান্ত হোৱা ১৩ জন লোককে ধৰি মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পালে 20 গৰাকীলৈ ৷
দৰঙত 20 জনলৈ বৃদ্ধি COVID-19 আক্ৰান্তৰ সংখ্যা - COVID-19 আক্ৰান্তৰ সংখ্যা
বুধবাৰলৈ দৰং জিলাত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে 20 গৰাকীলৈ ৷ দৰঙত নতুনকৈ 13 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷
বুধবাৰে আক্ৰান্ত হোৱা 13 গৰাকী ব্যক্তি হ'ল ক্ৰমে লালপুল নদীকাষৰ আমিন আলি (২০) আৰু ফোৰচেদ আলম (২২), খিলাধাৰীৰ আচিবুৰ ৰহমান (২৩), ৩ নং চিকণমাটিৰ বাৰেক আলি (২৮), কেগৰাপুল্লীৰ লোকমান হাকিম (২০), নদীকাষৰ নাজিম আলি(১৯), বুঢ়ীগাঁৱৰ চাজিকুল হক(২২), ৩নং ঢলপুৰৰ আব্দুল জব্বৰ (১৭), ন্তিপুখুৰীৰ হিমাংশু চৰৱান(২৯), মোৱামাৰীৰ আবুল হুছেইন (২১), ৩নং আৰিমাৰীৰ ৰফিকুল ইছলাম (৪০), আৰু বৰগুলীৰ চাহিদুল হক (১৯) ৷ ইয়াৰে আমিন আলী আৰু ফোৰচেদ আলম ছিপাঝাৰৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ আছুতীয়া কক্ষত আছিল আৰু পূৰ্বৰ কৰ'ণা আক্ৰান্ত নিজামুদ্দিন আলীৰ প্ৰত্যক্ষ সংস্পৰ্শত আহিছিল ৷ আনহাতে আন ১১ জন লোক খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল আৰু তেওঁলোক পূৰ্বৰ আক্ৰান্ত ছিকন্দৰ আলী, শ্বেইখ ফৰিদ আৰু নজৰুল ইছলামৰ প্ৰত্যক্ষ সংস্পৰ্শত আহিছিল ৷