Ramsar Deepar Beel : পক্ষীৰ কলৰৱত এতিয়া মুখৰিত নহয় ৰামছাৰ ক্ষেত্ৰ দীপৰ বিল
শতাধিক প্ৰজাতিৰ পক্ষীয়ে এৰিলে দীপৰ বিল । বায়ু-জল-শব্দ প্ৰদূষণৰ কৰাল গ্ৰাসত মৃত্যুমুখী দীপৰ বিল । চৰকাৰৰ চূড়ান্ত অৱহেলা আৰু গুৰুত্বহীনতাত স্বীকৃতি হেৰুওৱাৰ দিশে দীপৰ বিল (Ramsar site Deepar Beel in existence problem) । ৰামছাৰ ক্ষেত্ৰ স্বীকৃতিৰ সময়ত চাৰি হেজাৰ হেক্টৰ মাটিকালিয়ে আৱৰি থকা দীপৰ বিলৰ সীমা আজিও নিৰ্ধাৰণ নহ’ল । ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰত দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতা ।
Ankushita-Lovlina Success Story: বছৰৰ শেষতো অসমীয়াক গৌৰৱান্বিত কৰিলে লাভলীনা-অংকুশিতাই
2022 বৰ্ষটো অসমৰ ক্ৰীড়াজগতৰ বাবে সোণালী বৰ্ষৰূপে চিহ্নিত হৈ ৰ’ল ৷ ৰেকৰ্ড ভংগ কৰি একেটা বৰ্ষতে অসমীয়া খেলুৱৈয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দখল কৰিলে বহু পদক ৷ বছৰটোৰ অন্তিম সময়তো দুই অসমকন্যাই লাভ কৰিলে সোণ আৰু ৰূপৰ পদক (Assamese sports person success story)৷
Bharat Yatra by two friends: দুই বন্ধুৱে পদব্ৰজে আৰম্ভ কৰিছে ভাৰত যাত্ৰা
উত্তৰ প্ৰদেশ আৰু চত্তীশগড়ৰ দুই যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ (Bharat Yatra by two friends) ৷ পদব্ৰজে আৰম্ভ কৰিছে ভাৰত যাত্ৰা ৷ ২০২১ চনৰ ৭ অক্টোবৰৰ পৰা পদব্ৰজে আৰম্ভ কৰা ভাৰত যাত্ৰাৰ বৰ্তমানলৈকে দহখন ৰাজ্য ভ্ৰমণ কৰিছে দুই যুৱকে ৷ চত্তীশগড়ৰ ৰায়পুৰৰ পৰা আৰম্ভ কৰা এই যাত্ৰাত ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পোৱা বুলি কৈ দুয়ো যুৱ শিল্পীয়ে সত্ৰ নগৰী বৰপেটাত উপস্থিত হৈ অসমৰ লগতে বৰপেটাৰ সমৃদ্ধ সংস্কৃতিৰ কথা উল্লেখ কৰে ৷
Mock drill on COVID 19: চীনতকৈ ভাৰতৰ ভেকচিন বেছি শক্তিশালী: স্বাস্থ্যমন্ত্ৰী
সম্ভাব্য ক'ভিডকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ পূৰ্বৰ অভিজ্ঞতাৰে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিব অসমে (Covid 19 in Assam) ৷ ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত আছে পৰ্যাপ্ত সুবিধা ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷
Pratima Pandey Award 2022 : একলব্য গামলৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা
আছুৰ নেতৃত্বত লোককৃষ্টিৰ সাধক একলব্য গামক মঙলবাৰে প্ৰদান কৰা হয় পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা (Pratima Pandey Award 2022 to Eklavya Gham)৷ আছুৱে গুৱাহাটীৰ চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তিস্থলীত উদযাপন কৰা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানতে (Death anniversary of Pratima Barua Pandey) লোককৃষ্টিৰ সাধকগৰাকীক প্ৰদান কৰে এই বঁটা ৷