Presidential election: ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু বিধানসভাৰ কক্ষ
বিজেপিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প'লিং এজেণ্ট হিচাপে নিয়োগ কৰিছে মন্ত্রী পীযুষ হাজৰিকা, বিধায়ক ভূৱন পেগু আৰু সুশান্ত বৰগোহাঁইক । মিত্রদল অগপ আৰু ইউ পি পি এপৰ নাথাকে কোনো প'লিং এজেণ্ট । ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ মুঠ ভোটাৰৰ সংখ্যা ১৪৭ গৰাকী (Presidential election)।
Brinda Karat on presidential election: আমাৰ যুঁজ ব্যক্তিৰ বিৰুদ্ধে নহয় বৰঞ্চ এটা দলৰ বিৰুদ্ধেহে
চিপিআইএম পলিটব্যুৰ' বৃন্দা কাৰাটে ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মুৰ্মুৰ মনোনয়নৰ বিৰোধিতা কৰাৰ কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছে(CPIM politburo Brinda Karat)। এই সন্দৰ্ভত তেওঁ কয়,'আমাৰ যুঁজ দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে নহয়,ৰাষ্ট্ৰপতি নিৰ্বাচনক নিজৰ সুবিধাৰ বাবে ৰাজনীতিকৰণ কৰা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যসূচীৰ বিৰুদ্ধে ( Brinda Karat Comment on presidential election)।'
Load shedding in Assam: শক্তিমন্ত্ৰীয়ে ক’লে, ১০-১৫ দিনৰ ভিতৰত দূৰ হ’ব লোড শ্বেডিঙৰ সমস্যা
১০-১৫ দিনৰ ভিতৰত বিদ্যুতৰ সঘন লুকাভাকুৰ সমস্যা দূৰ হ'ব বুলি আশ্বাস প্ৰদান কৰিছে শক্তিমন্ত্রী নন্দিতা গাৰ্লোচাই (Power minister of Assam) । শক্তি বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰাৰ পাছতে বিদ্যুৎ খণ্ডৰ বিভিন্ন সমস্যাৰ সন্মূখীন হোৱা মন্ত্ৰীগৰাকীৰ এই প্ৰতিশ্ৰুতিয়ে কি ৰূপ লয় সেয়া সময়ত লক্ষ্যণীয় হ’ব ৷
Cargo Plane Crash in Greece: আকাশমাৰ্গতে অগ্নিকুণ্ডত পৰিণত হ’ল মালবাহী বিমান
শনিবাৰে নিশা গ্ৰীচৰ কাভালা চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় এখন কাৰ্গো বিমান (Cargo Plane Crash in Greece) ৷ বিমানখনত আঠজন লোক থকা বুলি জানিবপৰা গৈছে ৷ ইউক্ৰেইনৰ এটা কোম্পানীৰ মালিকানাধীন এণ্টন’ভ এন-১২ নামৰ বিমানখনে ছাৰ্বিয়াৰ পৰা জৰ্ডানলৈ উৰা মাৰিছিল ।
Poet Kumar Biswas : আমি লজ্জিত শ্বহীদ ভগত সিং
এতিয়া শ্বহীদৰ ত্য়াগক লৈও চলিছে বোকা ছটিওৱাৰ ৰাজনীতি। এইবাৰ শ্বহীদ ভগত সিঙক লৈ পঞ্জাৱৰ এজন সাংসদে কৰা আপত্তিজনক মন্তব্য়ৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ কৰ্ণালত শিৰোমণি অকালি দলৰ (অমৃতসৰ) সভাপতি তথা পঞ্জাৱৰ চাংৰুৰৰ সাংসদ চিমৰণজিৎ মানে শ্বহীদ ভগত সিঙক সন্ত্ৰাসবাদী বুলি আখ্য়া দিয়াৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কবি কুমাৰ বিশ্বাসে(Punjab MP Simranjit Mann)।