Bharat Jodo Yatra in Kota : ৰাহুল গান্ধীৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা যুৱকৰ
ৰাজস্থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত অঘটন । তেওঁৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ (Young man tried to commit suicide)। যুৱকজনক ততালিকে এখন এম্বুলেন্সত ঝালাৱাৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।
Tribute to Gen Vipin Rawat: আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্যু বাৰ্ষিকী
আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্য়ু বাৰ্ষিকী (Gen Vipin Rawat death anniversary) ৷ 2021 চনৰ আজিৰ দিনটোতেই কন্নুৰত ভাৰতীয় সেনাৰ এখন Mi-17V-5 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু ঘটে জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ হেলিকপ্টাৰখনত থকা 14 গৰাকী আৰোহীৰ (CDS chopper crashed) ৷ প্ৰথম মৃত্যু বাৰ্ষিকীত জেনেৰেল বিপিন ৰাৱাটলৈ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা জনালোঁ গভীৰ শ্ৰদ্ধা ৷
Ranjit Bora Murder Case : ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত ব্যৱহৃত বাইক-পিষ্টল জব্দ
গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে(Purabi Dairy employee Ranjit Bora murdered) । ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে(Accused arrested in Ranjit Bora murder case) ৷ বুধবাৰে মহানগৰ আৰক্ষীয়ে ৰঞ্জিত বৰা হত্যাকাণ্ডত ব্যৱহৃত বাইক, পিষ্টলো জব্দ কৰিবলৈ সক্ষম হয় ৷
Road accident in Boko: পথ দুৰ্ঘটনাত নিহত বি পি চলিহা মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা
বকোৰ লামপাৰাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Boko) । নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন আল্ট্ৰা বাছ । এই শোকাৱহ দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাছখনত থকা এজন যাত্ৰী ৷ ঘটনাৰ বিৱৰণী অনুসৰি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন ই-ৰিক্সাক খুন্দিয়াই ৷ তাৰ পিছত পথৰ দাঁতিৰ দুখন দোকানক মহতিয়াই নিয়ে ৷ ফলত ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ড৹ অঞ্জনজ্যোতি বৰা নামৰ যাত্ৰীজন (B P Chaliha College lecturer died)।
Strange incident of ITI authorities: শিক্ষাৰ্থীৰ প্ৰমাণপত্ৰ ফলাৰ অভিযোগ ITI কৰ্তৃপক্ষৰ বিৰুদ্ধে
বামুনিমৈদামস্থিত ITI কৰ্তৃপক্ষৰ নাভূত নাশ্ৰুত কাণ্ড ! শিক্ষাৰ্থীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল প্ৰমাণপত্ৰ ফালিলে ITI কৰ্তৃপক্ষই, লগতে ৰঙা চিয়াঁহীৰে প্ৰমাণ পত্ৰত Cancel বুলিও লিখিলে কৰ্তৃপক্ষই । এই অভিযোগ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ একাংশ ভুক্তভোগী শিক্ষাৰ্থীৰ ৷