Last tribute to Basistha Dev Sharma: ক্ষন্তেক পাছতে সম্পন্ন হ’ব বুঢ়াসত্ৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়া
ক্ষন্তেক পাছতে সম্পন্ন হ’ব বুঢ়াসত্ৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়া (Last tribute to Basistha Dev Sharma)৷ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব বুঢ়াসত্ৰীয়া তথা শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠদেৱ শৰ্মাদেৱেৰ অন্ত্যেষ্টিক্ৰিয়া ৷ তেখেতৰ মৃত্যুৰ পিছতে পিতৃহাৰা হ’ল বৰপেটা সত্ৰ ৷ তেখেতক শেষশ্ৰদ্ধা জনাবলৈ ওলাই অহা অগণন ভক্তই ভিৰ কৰিছে বৰপেটা চহৰ ৷ সামাজিক, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰৰ লোক বৰপেটাত উপস্থিত হৈছে বুঢ়াসত্ৰীয়া গৰাকীক শেষশ্ৰদ্ধা জনাবলৈ ৷ তেখেতক সোঁৱৰি বিভিন্ন গৰাকীয়ে ব্যক্ত কৰিলে শোক ৷
Cyclone Sitrang : চিত্ৰাং ঘূৰ্ণীয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ ধুমুহা বৰষুণ
থাইলেণ্ডৰ চিত্ৰাং নামৰ ঘূৰ্ণী বতাহৰ (cyclone named Sitrang by Thailand) ফলত পশ্চিমবংগৰ উপকূলীয় জিলাসমূহত আৰু উত্তৰ উপকূলীয় ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
Modi greets people on Diwali: নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে দীপাৱলীৰ শুভেচ্ছা
আজি পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022) ৷ দীপাৱলীক লৈ দেশজুৰি বিৰাজ কৰি এক উখল-মাখল পৰিৱেশে ৷ এই উৎসৱমুখৰ পৰিৱেশৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে দীপাৱলীৰ শুভেচ্ছা (PM Greets people on Diwali) ৷
Russian warplane falls on building: চাইবেৰিয়াৰ আৱাসিক ভৱনত পৰিল ৰাছিয়াৰ যুদ্ধ বিমান; ২ জন পাইলটৰ মৃত্যু
চাইবেৰিয়াৰ চৰকাৰী কৰ্তৃপক্ষই জনোৱা মতে, ৰাছিয়াৰ এখন যুদ্ধ বিমানে দেওবাৰে চাইবেৰিয়াৰ ইৰকুটস্ক চহৰস্থিত এটা আৱাসিক ভৱনত খুন্দা মৰে (Siberian city of Irkutsk) ৷ লগতে এই দুৰ্ঘটনাটোৰ ফলত বিমানখনত থকা দুয়োজন পাইলটৰ মৃত্যু ঘটে ।
Hajj pilgrims 2022: ডিঙিত অসমীয়াৰ স্বভিমান গামোচা লৈ পবিত্ৰ মক্কালৈ ৰাওনা হজযাত্ৰী
ছৌদি আৰৱৰ অতি পবিত্ৰ তীৰ্থস্থান হজ, মক্কা আৰু মদিনা দৰ্শন কৰি জীৱন ধন্য কৰিবলৈ পোৱাটোৱেই মুছলমান সম্প্ৰদায়ৰ প্ৰতিগৰাকী লোকৰ বাবে পৰম সৌভাগ্যৰ বিষয় বুলি গণ্য কৰা হয় (Hajj pilgrims 2022)। এই পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰিবলৈ প্ৰতিবছৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকে ভৰি পৰে ছৌদি আৰৱ ৷ কিন্তু মহামাৰী ক’ভিড-১৯ ৰ প্ৰাদূৰ্ভাৱৰ বাবে বিগত দুটা বছৰ হজ যাত্ৰা বাতিল কৰিবলগীয়া এক অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হৈছিল । এইবাৰ ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত ছৌদি আৰৱ প্ৰশাসনে দেশী-বিদেশী লোকৰ বাবে হজযাত্ৰা মুকলি কৰি দিছে । ইয়াক লৈ যথেষ্ট উৎসাহী অসম তথা দেশৰ মুছলাম ধৰ্মাৱলম্বী লোকসকল ।