অসম

assam

By

Published : Jan 28, 2021, 11:10 AM IST

Updated : Jan 28, 2021, 11:30 AM IST

ETV Bharat / state

আজি ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস

১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত বৃটিছৰ শোষন আৰু বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৪০ জন কৃষকে বৃটিছ সেনাৰ গুলিত নিহত হৈছিল ৷ তেতিয়াৰে পৰা ৰাজ্যৰ কৃষক সকলৰ পৱিত্ৰ স্মৃতিত প্ৰতিবছৰে পালন কৰি আহিছে কৃষক শ্বহীদ দিৱস ৷

আজি ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস
আজি ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস

দৰং, 28 জানুৱাৰী: আজি ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস ৷ বৃটিছৰ শোষন আৰু বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত ১৪০ জন কৃষকে বৃটিছ সেনাৰ গুলিত নিহত হৈছিল । তেতিয়াৰে পৰা সেই স্থানতে প্ৰতিবছৰে ২৮ জানুৱাৰীৰ দিনটোত কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে ।

আজি ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস
বৃটিছ সেনাৰ গুলিত নিহত হোৱা ৰাজ্যৰ কৃষক সকলৰ পৱিত্ৰ স্মৃতিত প্ৰতিবছৰে পালন কৰি আহিছে কৃষক শ্বহীদ দিৱস ৷ সেই উপলক্ষে বৃহস্পতিবাৰে পথৰুঘাটৰ শ্বহীদ দিৱসত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইয়াৰ লগতে পথৰুঘাটৰ দক্ষতা বিকাশ প্ৰকল্প আৰু কৃষি বিকাশ প্ৰকল্পৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
আজি ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস
Last Updated : Jan 28, 2021, 11:30 AM IST

ABOUT THE AUTHOR

...view details