অসম

assam

ETV Bharat / state

টিকটকপ্ৰেমীলৈ সুখবৰঃ টিকটকৰ বিকল্প টিকমিক - টিকমিক

উল্লেখ্য যে, সীমা বিবাদক লৈ ভাৰত চীনৰ সম্পৰ্ক ক্ৰমে অৱনতি ঘটাৰ পৰিণতিত ভাৰত চৰকাৰে চীনৰ ৫৯ টা এপ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে । জনপ্ৰিয়তাৰ শীৰ্ষত থকা টিকটক এপ বন্ধ হোৱাৰ পিচতেই কিছু হতাশাত ভোগে টিকটক প্ৰেমীসকল ৷ সেই টিকটক প্ৰেমীসকলৰ বাবে মনিৰুল ইছলাম নামৰ যুৱক এগৰাকীয়ে উদ্ভাৱন কৰি উলিয়াইছে টিকমিক নামৰ এটা এপ ।

Tik mik innovation
Tik mik innovation

By

Published : Jul 10, 2020, 5:57 PM IST

দলগাঁও, 10 জুলাইঃ টিকটক প্ৰেমীসকলৰ বাবে সুখবৰ ৷ দৰঙৰ অন্তৰ্গত এজন যুৱকে উদ্ভাৱন কৰি উলিয়াইছে টিকটক এপটোৰ বিকল্প টিকমিক ৷ জনপ্ৰিয় এপ টিকটক বন্ধৰ পাচত টিকটক প্ৰেমীসকলৰ বাবে জিলাখনৰ দলগাঁৱৰ এজন যুৱক মনিৰুল ইছলামে উদ্ভাৱন কৰি উলিয়াইছে টিকটক সদৃশ ম'বাইল এপ টিকমিক ৷ ইতিমধ্যে প্লে ষ্ট'ৰত উপলব্ধ হৈছে এই এপটো ৷

লগতে পঢ়কঃ ৰাজ্যৰ সীমাৰ নিৰ্ধাৰণ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

উল্লেখ্য যে, সীমা বিবাদক লৈ ভাৰত চীনৰ সম্পৰ্ক ক্ৰমে অৱনতি ঘটাৰ পৰিণতিত ভাৰত চৰকাৰে চীনৰ ৫৯ টা এপ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে । জনপ্ৰিয়তাৰ শীৰ্ষত থকা টিকটক এপ বন্ধ হোৱাৰ পিচতেই কিছু হতাশাত ভোগে টিকটক প্ৰেমীসকল ৷ সেই টিকটক প্ৰেমীসকলৰ বাবে মনিৰুল ইছলামে উদ্ভাৱন কৰি উলিয়াইছে টিকমিক ।

টিকটকৰ বিকল্প টিকমিক

দলগাঁৱৰ যুৱকজনে কোনো আনুষ্ঠানিক শিক্ষা লাভ নকৰাকৈ গুগল আৰু ইউ টিউবৰ সহায়ত অতি কম খৰচত এই এপটো উদ্ভাৱন কৰা বুলি অৱগত কৰিছে ৷ এই এপটোৰ জৰিয়তে মনিৰুলে আশাৰ বতৰা কঢ়িয়াই আনিছে টিকটক প্ৰেমীৰ মাজত। সপ্তাহজোৰা প্ৰচেষ্টাৰ অন্তত আৱিষ্কাৰ কৰা উক্ত টিকমিক এপটো বৰ্তমান গুগল প্লেষ্ট'ৰত উপলব্ধ ।

ABOUT THE AUTHOR

...view details