মঙলদৈ,13 মাৰ্চ:দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা ৬৭ নম্বৰ মঙলদৈ বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ শুকুৰবাৰে আছিল অন্তিম দিন । কিন্তু মনোনয়ন দাখিলৰ সময়ত এক অথন্তৰে দেখা দিছে সমষ্টিটোত । এআইইউডিএফ দলে কংগ্ৰেছ দলৰ সৈতে কৰা মিত্ৰতাৰ খাতিৰত মঙলদৈত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা নাছিল, যদিও বিৰোধীৰ চক্ৰান্তত দলটোৱে দুজন লোকক একেটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে ।
জানিব পৰা মতে, শেহতীয়াকৈ এআইইউডিএফ দলে মঙলদৈ সমষ্টিৰ বাবে মতিলাল মণ্ডল আৰু অজয় কুমাৰ ৰয়ক প্ৰাৰ্থিত্ব প্ৰদান কৰাত বিমোৰত পৰিছে দুয়োগৰাকী প্ৰাৰ্থী । মতিলাল মণ্ডলৰ হাতত প্ৰাৰ্থিত্বৰ মূল নথি থকাৰ বিপৰীতে অজয় কুমাৰ ৰয়ৰ হাতত আছে প্ৰতিলিপি ৷ এইক্ষেত্ৰত আমিনুল ইছলামক বিষয়টো সম্পৰ্কত ফোনযোগে সোধাত মতিলাল মণ্ডলক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি স্পষ্ট কৰি দিয়ে ।