দৰং, 4 ছেপ্তেম্বৰ :দৰং জিলা আৰক্ষীয়ে শুকুৰবাৰে আলফা(স্বা)ৰ নামত ধন দাবী কৰা অভিযোগত মঙলদৈত তিনিজন যুৱকক কৰায়ত্ত কৰে ৷ দৰং আৰক্ষীয়ে মঙলদৈৰ তিনিটা ভিন্ন স্থানত অভিযান চলাই যুৱককেইজনক কৰায়ত্ব কৰে । মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলায় এই অভিযান ৷
অভিযানকাৰীৰ দলটোৱে মঙলদৈৰ কৰিম চ'কত অভিযান চলাই জোনজ্যোতি বণিয়াক কৰায়ত্ব কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে জোনজ্যোতিক মঙলদৈ থানালৈ আনে আৰু স্বীকাৰোক্তিৰ ভিত্তিত আউলাচৌকাৰ সমীপৱৰ্তী কালিয়াপাৰাত অভিযান চলায় ৷ কালিয়াপাৰাত আৰক্ষীৰ দলটোৱে আজাদ আলী নামৰ আন এজনক কৰায়ত্ব কৰে ।