অসম

assam

ETV Bharat / state

মঙলদৈ প্ৰেছ ক্লাবত তিনিখনকৈ আধ্যাত্মিক গ্ৰন্থ উন্মোচন - mangaldoi press club book release

মঙলদৈ চহৰৰ নিকটৱৰ্তী চপাইস্থিত শ্ৰীশ্ৰীমহাবিষ্ণু সেৱাশ্ৰমৰ সত্ৰাধিকাৰ তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ গোবিন্দ ৰাম ভৰালীৰ দুখন আৰু অৱসৰপ্ৰাপ্ত বিষয়া তথা সেৱাশ্ৰমৰ সভাপতি হেমচন্দ্ৰ কলিতাৰ এখন আধ্যাত্মিক গ্ৰন্থ দেওবাৰে মঙলদৈ প্ৰেছ ক্লাবত উন্মোচন কৰা হয় ।

As_drg_spiritual-book-released-at-mangaldoi-press-club_img_as10006
মঙলদৈ প্ৰেছ ক্লাবত তিনিখনকৈ আধ্যাত্মিক গ্ৰন্থ উন্মোচন

By

Published : Jan 4, 2021, 7:51 AM IST

দৰং,4 জানুৱাৰী: দেওবাৰে মঙলদৈ প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় তিনিখনকৈ আধ্যাত্মিক গ্ৰন্থ ৷ মঙলদৈ চহৰৰ নিকটৱৰ্তী চপাইস্থিত শ্ৰীশ্ৰী মহাবিষ্ণু সেৱাশ্ৰমৰ সত্ৰাধিকাৰ তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ গোবিন্দ ৰাম ভৰালীৰ দুখন আৰু অৱসৰপ্ৰাপ্ত বিষয়া তথা সেৱাশ্ৰমৰ সভাপতি হেমচন্দ্ৰ কলিতাৰ এখন আধ্যাত্মিক গ্ৰন্থ উন্মোচন কৰা হয়। মঙলদৈৰ বিশিষ্ট সাংবাদিক, সাহিত্যিক মুকুট ৰাজ শৰ্মাৰ সভাপতিত্বত হোৱা গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা তুলসী শইকীয়াই ।

সভাত গোবিন্দ ৰাম ভৰালীৰ আধ্যাত্মিক গ্ৰন্থ "শ্ৰীকৃষ্ণৰ বাঁহী সুৰে" নামৰ গ্ৰন্থখন মতিদেৱ শৰ্মা শাস্ত্ৰীয়ে আৰু "গীতা মাধুৰী" নামৰ গ্ৰন্থখন হৰেন্দ্ৰ চন্দ্ৰ নাথে উন্মোচন কৰে। আনহাতে হেমচন্দ্ৰ কলিতাৰ গ্ৰন্থ "গীতা-ভাগৱত ৰসামৃত" উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৃথুৰাম বৰুৱাই । গ্ৰন্থক জাগ্ৰত বিগ্ৰহ বুলি উল্লেখ কৰি যেতিয়াই মন যায় এই গ্ৰন্থখন পঢ়ি মনোবাঞ্চা পূৰ্ণ কৰিবলৈ সকলোকে আহ্বান জনায় মতিদেৱ শৰ্মাই ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কেইবাখনো আধ্যাত্মিক গ্ৰন্থ ৰচনা কৰি সাহিত্যৰ ভড়াল চহকী কৰিছে গোবিন্দ ৰাম ভৰালীয়ে ৷

লগতে পঢ়ক-ধিঙত সলিল সমাধি ডেৰ বছৰীয়া শিশুৰ

ABOUT THE AUTHOR

...view details