দৰং, 19 নৱেম্বৰ :টংলাত ইউপিপিএলৰ বিশাল নিৰ্বাচনী সভা । হিল দল ভাঙি হাজাৰোধিক লোক উপস্থিত হ'ল নিৰ্বাচনী সভাত ৷ সভাত উপস্থিত আছিল UPPL দলৰ সভাপতি প্ৰমোদ বড়ো, উপদেষ্টা ইউ জি ব্ৰহ্ম, গোবিন্দ বসুমতাৰী আৰু কেন্দ্ৰীয় নেতৃবৃন্দ ।
সভাত ভাষণ প্ৰসংগত দলটোৰ উপদেষ্টা ইউ জি ব্ৰহ্মই বিপিএফ আৰু বিজেপিক কটাক্ষ কৰি কয় যে, দুই মিত্ৰ দলৰ মাজৰ যুদ্ধ মেকুৰী আৰু নিগনিৰ দৰে । নিগনি য'ত মেকুৰী তাত থাকিবই । তেওঁলোকে টেঙা আম মিঠা আমৰ কথা কৈছে । কিন্তু টেঙা আম মিঠা আম দুয়ো শৰীৰৰ বাবে বেয়া । কিন্তু আমি বিটিআৰ ৰাইজক কমলা আৰু আপেল খুৱাম । 17 বছৰে বিপিএফ দলে অপশাসন আৰু দুৰ্নীতি কৰিলে, শাসনৰ স্বাৰ্থত অস্ত্ৰধাৰী সংগঠন সমূহক জীয়াই ৰাখিলে ৷