অসম

assam

ETV Bharat / state

প্ৰাক নিৰ্বাচনী হিংসা: বিজেপি কৰ্মীক প্ৰহাৰ বিপিএফ কৰ্মীৰ - দৰং

ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাদলাপাৰা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি ৷ সুৰাপান কৰি বিজেপি কৰ্মীক প্ৰহাৰ বিপিএফ কৰ্মীৰ ৷ ঘটনাস্থলীত উপস্থিত ডিমাকুছি আৰক্ষীৰ লগতে টংলাৰ মহকুমা আৰক্ষী বিষয়া ৷

terrible-situation-during-election
পানেৰীত উত্তপ্ত পৰিস্থিতি

By

Published : Mar 27, 2021, 12:38 PM IST

দৰং,27 মাৰ্চ: নিৰ্বাচনক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাদলাপাৰা চাহ বাগিচাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিজয় বৰ্লা চাৰু, জেকচন, ভাইৰাম, এলবিস, থমাচ আৰু বিনোদ নামৰ বিপিএফ কৰ্মী কেইজনে সুৰাপান কৰি প্ৰহাৰ কৰে বিজেপি কৰ্মীক ৷

ইয়াৰ লগতে বাদলাপাৰা চাহ বাগিচাৰ বিজেপিৰ কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰে বিপিএফ কৰ্মী কেইজনে ৷ বিজেপিৰ মহিলা কৰ্মীকো প্ৰহাৰ কৰা বুলি বিপিএফ কৰ্মী কেইগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে ৷

পানেৰীত উত্তপ্ত পৰিস্থিতি

প্ৰহাৰৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় টাংকিবস্তিৰ বিজেপি কৰ্মী সুৰদাস মিজ্, দীপা বৰুৱা, ৰামদাস মিজ্ আৰু ভাৰত চাহু ৷ ঘটনাস্থলীত ডিমাকুছি আৰক্ষীৰ লগতে টংলাৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ আঘাতপ্ৰাপ্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক:ভোটাধিকাৰ সাব্যস্ত কৰিলে বিধায়িকা আঙুৰলতা ডেকাই

ABOUT THE AUTHOR

...view details