অসম

assam

Road Accident: জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনা, নিহত যুৱক

By

Published : Aug 6, 2023, 1:14 PM IST

শনিবাৰে নিশা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন প্ৰান্ত সংঘটিত হয় ভংয়কৰ পথ দুৰ্ঘটনা ৷ মঙলদৈৰ পুনিয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনা ৷ থিতাতে নিহত ধীৰাজ ডেকা নামৰ যুৱকজন ৷ হেলেম চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

Road Accident
জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনা

জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনা

মঙলদৈ, বিশ্বনাথ 6, আগষ্ট :শনিবাৰে নিশা শনি লাগি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ! শনিবাৰে নিশা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত সংঘটিত হয় ভংয়কৰ পথ দুৰ্ঘটনা ৷ মঙলদৈত নিশা সংঘটিত হ’ল শোকাৱহ পথ দুৰ্ঘটনা ৷ মঙলদৈৰ পুনিয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰ বেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটাত ৷ ফলত থিতাতে নিহত হয় ধীৰাজ ডেকা নামৰ যুৱকজন ৷

জানিব পৰা মতে, মঙলদৈৰ গান্ধী ময়দানত নিশা অনুষ্ঠিত জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰি ঘৰলৈ ওভতাৰ পথত এই দুৰ্ঘটনা হয় ৷ দুৰ্ঘটাগ্ৰস্ত বাইক খনৰ নম্বৰ হৈছে AS 13 M 2491 ৷ নিহত যুৱক জনৰ ঘৰ ছিপাঝাৰৰ পুখুৰীয়াপাৰাত বুলি জানিব পৰা গৈছে ৷

আনহাতে, নিশা হেলেম চাৰিআলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তেজপুৰৰ পৰা লখিমপুৰ অভিমুখী এখন দ্ৰুতবেগী বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত ৰৈ থকা গৰুক খুন্দা মাৰে ৷ ফলত তিনিটা গৰুৰ ঘটনাস্থলীতে মৃত্যু হয় । ইফালে গহপুৰৰ পৰা বেদেতী অভিমুখী এখন বাইক উক্ত এলেকাত দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাগ্ৰস্ত বাইখনৰ নম্বৰ হৈছে AS 12 D 5903 ৷

এই বাইক দুৰ্ঘটনাত দুই বাইক আৰোহী গুৰুত্বৰভাৱে আহত হয় ৷ আহত দুই যুৱকক গহপুৰৰ কনকলতা বৰুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ গুৰুত্বৰভাৱে আহত দুই বাইক আৰোহী বেদেতীৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত গৰু ছাগলী এৰি দিয়াৰ বাবেই সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। এই ক্ষেত্ৰত মহকুমা প্ৰশাসন, চৰকাৰ আৰু আৰক্ষীক বিহিত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে সাধাৰণ ৰাইজে ৷

লগতে পঢ়ক:Bajrang Dal Arms trainning: ডিজিপিৰ নিৰ্দেশৰ পিচতে বজৰং দলৰ বিৰুদ্ধে মঙলদৈত ৰুজু গোচৰ

ABOUT THE AUTHOR

...view details