অসম

assam

By

Published : Sep 3, 2020, 5:32 PM IST

ETV Bharat / state

মঙলদৈ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

মৃত ব্যক্তিগৰাকীৰ সৎকাৰৰ বাবদ চুইপাৰে 26 হাজাৰ টকা দাবী কৰাকলৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত বুধবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

Tense Situation at Mongaldai
মঙলদৈ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

দৰং, 3 ছেপ্তেম্বৰ:মঙলদৈ অসামৰিক চিকিৎসালয়ত ভয়ংকৰ ঘটনা ৷ প্ৰায় চাৰি ঘণ্টা ধৰি চিকিৎসালয়ৰ বাহিৰত উন্মুক্ত অৱস্থাত পৰি ৰয় ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ । চিকিৎসালয়ত উন্মক্ত অৱস্থাত ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিগৰাকীৰ মৃতদেহটোৰ কাষত প্ৰশাসনৰ কোনো লোক উপস্থিত নথকাত বহুলোক মৃতকৰ ওচৰতে থকা পৰিলক্ষিত হয় ।

মঙলদৈ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ইয়াৰ লগতে মৃতদেহ সৎকাৰৰ বাবদ চুইপাৰে 26 হাজাৰ টকাৰ দাবী কৰাকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । মৃত ব্যক্তিগৰাকী মঙলদৈ বেজপাৰাৰ প্ৰাক্তন আৰক্ষী বিষয়া তপেশ্বৰ চহৰীয়াৰ (60) বুলি জানিব পৰা গৈছে ।

পিচত চাৰি ঘন্টা অতিক্ৰম কৰাৰ অন্তত প্ৰশাসন অথবা চিকিৎসালয় কৰ্তৃপক্ষৰ পৰিৱৰ্তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হয় মঙলদৈ আৰক্ষীৰ লোক ।

লগতে চাওক-প্ৰমোদ বড়ো এজন পাগলঃ জগদীশ সৰকাৰ

ABOUT THE AUTHOR

...view details