দলগাঁও, ২৭ ফেব্ৰুৱাৰী:শ্যামপুৰ থানাৰ অন্তৰ্গত ৩ নং শ্যামপুৰ গাঁৱত পুৱতী নিশা আত্মহত্যা কৰি মৃত্যুক সাৱতি লোৱা এগৰাকী বোৱাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয় । জানিব পৰা মতে প্ৰায় এবছৰ পূৰ্বে ৩ নং শ্যামপুৰ গাঁৱৰ ৰমজানা পাৰবিন নামৰ যুৱতী গৰাকীক পলোৱাই বিয়া পাতিছিল একেখন গাঁৱৰে মফিদুল ইছলাম নামৰ এজন যুৱকে ।
বিবাহৰ তিনিমাহ পাচতে স্বামী ও পৰিয়ালৰ লোকে শাৰীৰিক ও মানসিক ভাৱে যুৱতী গৰাকীক বিভিন্ন সময়ত অত্যাচাৰ চলাই অহাৰো অভিযোগ উত্থাপন হৈছিল ৷ বৰ্তমান স্বামী মফিদুল ইছলামে যুৱতী গৰাকীক ডিঙি চেপি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ বুলি সন্দেহ প্ৰকাশ কৰিছে যুৱতী গৰাকীৰ পৰিয়ালৰ লগতে স্থানীয়ে লোকে ৷