দৰং,28 ডিচেম্বৰ:মঙলদৈ বৰসত্ৰৰ ন-বোৱাৰী কৃষ্ণামনি বৈশ্যৰ মৃত্যুক কেন্দ্ৰ কৰি আজি পুনৰ বোৱাৰী গৰাকীৰ স্বামী গৃহত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত ৰাইজে মঙলদৈৰ তামুলীপাৰাস্থিত স্বামী গৃহৰ চোতালত বোৱাৰী গৰাকীৰ মৃতদেহ সৎকাৰ কৰি জ্বলাই দিয়ে মৃত বোৱাৰী গৰাকীৰ স্বামী গৃহ ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পিছত ঘটনাস্থলীত দৰং আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ বৰ্তমানেও পলাতক অভিযুক্ত স্বামী গৌতম বৈশ্য, শহুৰ খীতেশ্বৰ বৈশ্য আৰু শাহু দৈৱকী বৈশ্য ৷
মঙলদৈৰ বৰসত্ৰত উত্তপ্ত পৰিস্থিতিঃ স্বামী গৃহৰ চোতালত জ্বলিল বোৱাৰীৰ চিতা - Tens situation at borsatra of Mongoldoi
দেওবাৰে মঙলদৈ বৰসত্ৰ তামুলীপাৰাৰ নিজ স্বামী গৃহত ৰহস্যজনক ভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল কৃষ্ণামনি বৈশ্য নামৰ নৱ বিবাহিতা বোৱাৰী গৰাকীৰ মৃতদেহ ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে স্বামী গৃহত সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতি ৷
![মঙলদৈৰ বৰসত্ৰত উত্তপ্ত পৰিস্থিতিঃ স্বামী গৃহৰ চোতালত জ্বলিল বোৱাৰীৰ চিতা tens-situation-at-borsatra-of-mongoldoi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10038803-20-10038803-1609168522271.jpg)
মঙলদৈৰ বৰসত্ৰত উত্তপ্ত পৰিস্থিতিঃ স্বামী গৃহৰ চোতালত জ্বলিল বোৱাৰীৰ চিতা
মঙলদৈৰ বৰসত্ৰত উত্তপ্ত পৰিস্থিতিঃ স্বামী গৃহৰ চোতালত জ্বলিল বোৱাৰীৰ চিতা
উল্লেখ্য যে, দেওবাৰে মঙলদৈ বৰসত্ৰ তামুলীপাৰাৰ নিজ স্বামী গৃহত ৰহস্যজনক ভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল কৃষ্ণামনি বৈশ্য নামৰ নৱ বিবাহিতা বোৱাৰী গৰাকীৰ মৃতদেহ ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে স্বামী গৃহত সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতি ৷ পৰকীয়া প্ৰেমৰ বাবেই স্বামী পৰিয়ালে বোৱাৰী গৰাকীক হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ উক্ত ঘটনাৰ পাছৰে পলাতক অৱস্থাত আছে স্বামী পৰিয়ালৰ আটাইকেইজন লোক ৷