অসম

assam

ETV Bharat / state

দলগাঁৱৰ পৰা আটক তীৰ খেলৰ বুকী - ছফিকুল ইছলাম গ্ৰেপ্তাৰ খাৰুপেটিয়া আৰক্ষী

অবৈধ তীৰ খেলৰ ঘাটিত পৰিণত হৈছে দৰং জিলাৰ দলগাঁও অঞ্চল ৷ দেওবাৰে আৰক্ষীয়ে লাভ কৰা অভিযোগৰ ভিত্তিত অভিযান চলাই ছফিকুল ইছলাম নামৰ এজন বুকীক আটক কৰে ৷

দলগাঁৱৰ পৰা আটক তীৰ খেলৰ বুকী ছফিকুল ইছলাম
দলগাঁৱৰ পৰা আটক তীৰ খেলৰ বুকী ছফিকুল ইছলাম

By

Published : Dec 1, 2019, 3:18 PM IST

দলগাঁও, ১ ডিচেম্বৰঃ অবৈধ তীৰ খেলৰ ঘাটিত পৰিণত হৈছে দৰং জিলাৰ বৃহত্তৰ দলগাঁও অঞ্চল ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি আহিছে তীৰ খেলৰ লগতে অন্যান্য় জুৱাৰ অনৈতিক আদ্দা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে লাভ কৰা অভিযোগৰ ভিত্তিত অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে ৷

দলগাঁৱৰ পৰা আটক তীৰ খেলৰ বুকী ছফিকুল ইছলাম

তেনে এক অভিযোগৰ ভিত্তিতে শনিবাৰে নিশাৰ ভাগত আৰক্ষীয়ে অভিযান চলায় ৷ খাৰুপেটিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত এটি দলে অভিযান চলাই এজন বুকীক আটক কৰিবলৈ সক্ষম হৈছে ৷ বিশেষ তথ্যৰ ভিত্তিত চলোৱা অভিযানত ছফিকুল ইছলাম নামৰ এজন তীৰ খেলৰ বুকীক গ্ৰেপ্তাৰ কৰাৰ লগতে বহুটো টকাসহ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ আটকাধীন ছফিকুল ইছলামক এক গোচৰ ৰুজু কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ লণ্ডন বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আইছিছৰ

ABOUT THE AUTHOR

...view details