অসম

assam

ETV Bharat / state

গ্ৰেড পে বিচাৰি মংগলদৈত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ - মঙ্গলদৈত শিক্ষকৰ প্ৰতিবাদ

প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ ঘূৰাই দিয়াৰ দাবীত মঙ্গলদৈত শিক্ষকৰ প্ৰতিবাদ ৷ স্নাতক শিক্ষকৰ পৰা 8,700 টকাৰ গ্ৰেড পে কাঢ়ি নিয়াৰ অভিযোগ প্ৰতিবাদী শিক্ষকৰ ৷ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত মঙ্গলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত শিক্ষক সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

As_drg_01_teachers_protest_demanding_grade_pay_vis_img_10006
teachers staged demonstration in mangaldoi demanding grade pay

By

Published : Feb 20, 2021, 4:38 PM IST

দৰঙ, 20 ফেব্ৰুৱাৰী:প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ ঘূৰাই দিয়াৰ দাবীৰে শনিবাৰে মঙ্গলদৈত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

স্নাতক শিক্ষকৰ পৰা 8,700 টকাৰ গ্ৰেড পে কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰি শিক্ষক সকলে এই গ্ৰেড পে ঘূৰাই দিয়াৰ বাবেও দাবী জনায় ৷ মূলতঃ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ ঘূৰাই দিয়াৰ লগতে গ্ৰেড পে আদায় কৰাৰ দাবীৰে সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক শিক্ষকে অংশগ্ৰহণ কৰে ৷

স্নাতক শিক্ষকৰ পৰা 8,700 টকাৰ গ্ৰেড পে কাঢ়ি নিয়াৰ অভিযোগ প্ৰতিবাদী শিক্ষকৰ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মঙ্গলদৈত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত মঙ্গলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত শিক্ষক সকলে এই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে ৰাজ্যৰ শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, চৰকাৰে শিক্ষক সকলক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি শিক্ষকসকলে প্ৰাথমিক শিক্ষক সন্মিলনী জিন্দাবাদ, শিক্ষক ঐক্য জিন্দাবাদ, ঘূৰাই নিয়া গ্ৰেড পে আদায় কৰক ইত্যাদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:যুৱ কংগ্ৰেছীয়ে দাহ কৰিলে কংগ্ৰেছী বিধায়কৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details