অসম

assam

ETV Bharat / state

চৰকাৰক বিদ্যালয় প্ৰাদেশীকৰণৰ বিষয়টো পুনৰ বিবেচনা কৰি চাবলৈ আহ্বান বঞ্চিত শিক্ষকৰ - teachers protest in darrang

বিদ্যালয় প্ৰাদেশীকৰণৰ বাবে দৰঙৰ ১৪ খন বিদ্যালয়ে আবেদন কৰিছিল যদিও, তাৰ ভিতৰত কেৱল এখন বিদ্যালয়হে প্ৰাদেশীকৰণ কৰে চৰকাৰে ৷ যাৰ বাবে আন বঞ্চিত শিক্ষকসকলে প্ৰাদেশীকৰণৰ বিষয়টো চৰকাৰক ভালদৰে বিবেচনা কৰি চাবলৈ আহ্বান জনায় ৷

বঞ্চিত শিক্ষক
বঞ্চিত শিক্ষক

By

Published : Aug 20, 2020, 2:01 PM IST

দৰং, 20 আগষ্ট:ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিলে প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ নাম ৷ এই ঘোষণাৰ পাচতে বহু শিক্ষকৰ মুখত হাঁহি বিৰিঙি উঠিল যদিও, একাংশ শিক্ষকৰ মুখত ফুটি উঠিল হতাশাও ৷ যাৰ বাবে বৃহস্পতিবাৰে দৰং জিলাৰ শিক্ষা বিষয়াৰ ওচৰত হাজিৰ হ'ল জিলাখনৰ ১৩ খন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ৷ ৰাজ্যৰ ৩৫৫ খন উচ্চ মাধ্যমিক, হাইস্কুল, হাই মাদ্ৰাছা আদি বিদ্যালয় প্ৰাদেশীকৃত কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে ৷ কিন্তু প্ৰাদেশীকৰণৰ তালিকাৰ পৰা দৰঙৰ একাংশ বিদ্যালয় বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিলে একাংশ শিক্ষকে ৷

চৰকাৰক বিদ্যালয় প্ৰাদেশীকৰণৰ বিষয়টো পুনৰ বিবেচনা কৰি চাবলৈ আহ্বান বঞ্চিত শিক্ষকৰ

প্ৰাদেশীকৰণৰ বাবে দৰঙৰ ১৪ খন বিদ্যালয়ে আবেদন কৰিছিল যদিও, তাৰ ভিতৰত কেৱল কাৱাদঙা হাইস্কুল খনহে অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰে শিক্ষক সকলে ৷ ২০০৪, ২০০৫, ২০০৬ চনত স্বীকৃতিপ্ৰাপ্ত ৯ খন বিদ্যালয়ৰ লগতে, ২০০৭ চনত স্বীকৃতিপ্ৰাপ্ত ৫ খন বিদ্যালয়ে আবেদন কৰিছিল ৷ জানিব পৰা মতে, প্ৰায় কেইখন বিদ্যালয়ৰে নথি পত্ৰ, ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ লগতে উত্তীৰ্ণৰ হাৰ প্ৰায় সমান বা তাতোকৈয়ো অধিক ভাল ৷ কিন্তু ইমানৰ পাচতো এখনহে বিদ্যালয় প্ৰাদেশীকৰণ হোৱাৰ বাবে সম্প্ৰতি হতাশাত ভাগি পৰিছে বঞ্চিত শিক্ষক সকল ৷ বঞ্চিত শিক্ষক সকলে পুনৰ প্ৰাদেশীকৰণৰ বিষয়টো চৰকাৰক ভালদৰে বিবেচনা কৰি চাবলৈ সংবাদ মাধ্যমযোগে আহ্বান জনালে ৷

লগতে পঢ়ক:অসমীয়া পৰম্পৰা জীয়াই ৰখাৰ কাকপথাৰবাসীৰ অনন্য প্ৰয়াস

ABOUT THE AUTHOR

...view details