দৰং, 5 চেপ্তেম্বৰঃ আজি শিক্ষক দিৱস । শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোতে এগৰাকী শিক্ষকৰ কৰ্মস্পৃহাই আপ্লুত কৰিলে সকলোকে । অৱসৰৰ পাচতো বিদ্যালয়ত শিক্ষাদান কৰি আছে এই গৰাকী শিক্ষকে । দৰঙৰ নৰেশ্বৰ দাস নামৰ শিক্ষক গৰাকী 2009 চনতেই লৈছিল অৱসৰ ৷ তেওঁৰ অৱসৰৰ লগে লগে হিন্দী শিক্ষক বিহীন হৈ পৰিছিল দৰঙৰ মহাৰাজত জয়ন্তী সম্পূৰ্ণ কৰা ডাহী মজলীয়া বিদ্যালয় । সেয়ে অৱসৰৰ পিছৰে পৰাই নিজৰেই ডাহি মজলীয়া বিদ্যালয়ত নিয়মিতভাৱে পাঠদান চলাই আছে নৰেশ্বৰ দাসে ৷
অৱসৰৰ পাচতো শিক্ষকতা কৰা এজন শিক্ষক !
দৰঙৰ নৰেশ্বৰ দাস নামৰ শিক্ষক গৰাকী 2009 চনতেই লৈছিল অৱসৰ ৷ তেওঁৰ অৱসৰৰ লগে লগে হিন্দী শিক্ষক বিহীন হৈ পৰিছিল দৰঙৰ মহাৰাজত জয়ন্তী সম্পূৰ্ণ কৰা ডাহী মজলীয়া বিদ্যালয়
অৱসৰৰ পাচতো শিক্ষাকতা কৰা এজন শিক্ষক
বিনা পাৰিশ্ৰমিকে পাঠদান চলাই আছে শিক্ষকজনে । পাঠদান এক নিছা বুলি ক'লে হিন্দী শিক্ষক নৰেশ্বৰ দাসে । বৰ্তমানেও ডাহী মজলীয়া বিদ্যালয়ত নাই হিন্দীৰ শিক্ষক । তেনে ক্ষেত্ৰত বিদ্যালয়খনক অসুবিধাত পৰিব দিয়া নাই শিক্ষক গৰাকীয়ে । শিক্ষক গৰাকীৰ এনে কাৰ্যক শলাগ লৈছে সকলোৱে ।