দৰং,৩০ এপ্ৰিল:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰাকৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱাৰ এটাৰ পিছত আনটো খবৰ আহিছে । এইবাৰ ৰাজ্যত কৰ'ণাৰ ফলত মৃত্যু হৈছে এগৰাকী শিক্ষকৰ । দৰঙৰ ছিপাঝাৰত মৃত্যু হৈছে শিক্ষকগৰাকীৰ । মৃত শিক্ষকগৰাকী পাতিদৰং গাঁৱৰ ৪৮ বছৰীয়া নিৰঞ্জন শৰ্মা বুলি জানিব পৰা গৈছে । এটি ৮ বছৰীয়া সন্তানৰ পিতৃ আছিল নিৰঞ্জন শৰ্মা ।
প্ৰতিষেধক লোৱাৰ পিছতো ছিপাঝাৰত কৰ'ণাত মৃত্যু শিক্ষকৰ - assam covid update
দৰঙৰ ছিপাঝাৰত মৃত্যু হৈছে এগৰাকী শিক্ষকৰ । মৃত শিক্ষকগৰাকী পাতিদৰং গাঁৱৰ ৪৮ বছৰীয়া নিৰঞ্জন শৰ্মা বুলি জানিব পৰা গৈছে ।ৰহস্যজনকভাৱে কৰ'ণাৰ প্ৰতিষেধকো গ্ৰহণ কৰিছিল শিক্ষকগৰাকীয়ে । যাৰ বাবে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰাৰ লগতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।
প্ৰতিষেধক লোৱাৰ পিছতো ছিপাঝাৰত কৰ'ণাত মৃত্যু শিক্ষকৰ
ঘৰৰ পৰা দেওমৰনৈ সামুহিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱাৰ পথতে মৃত্যু হয় এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকগৰাকীৰ । ৰহস্যজনকভাৱে কৰ'ণাৰ প্ৰতিষেধকো গ্ৰহণ কৰিছিল শিক্ষকগৰাকীয়ে । যাৰ বাবে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰাৰ লগতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।
লগতে পঢ়ক:১ মে'ত অসমৰ ১৮ বছৰ উৰ্ধৰ লোকে নাপাব প্ৰতিষেধক