দৰং, 29 নৱেম্বৰ :অতীজৰে পৰা আমাৰ সমাজত শিক্ষক সকলৰ আছে এক বিশেষ সন্মান ৷ সেয়ে হয়তো বাটেৰে চাইকেল লৈ যোৱা কোনো ছাত্ৰই সমুখৰ পথেৰে আহি থকা শিক্ষক জনক দেখিলে চাইকেলৰ পৰা নামি সন্মান জনোৱাৰ দৃশ্য তেনেই সাধাৰণ ৷ কিন্তু সময়ে সময়ে এই সন্মানীয় বৃত্তিটোক কলুষিত কৰি আহিছে এচাম ভণ্ড শিক্ষকে ৷ পুনৰ তেনে এক ঘটনাই সংঘটিত হ’ল দৰঙৰ হাজৰিকাপাৰা গাঁৱত ৷
ঘটনা অনুসৰি, এগৰাকী ৬ বছৰীয়া ছাত্ৰীক যৌন আতিশাৰ্য কৰাৰ অভিযোগ উঠিছে এজন শিক্ষকৰ বিৰুদ্ধে(molestation allegation against teacher ) ৷ এই ঘটনা দৰঙৰ হাজৰিকাপাৰাৰ শালমাছ উঠা প্ৰাথমিক বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, অভিযুক্ত শিক্ষকজনৰ নাম কুশেশ্বৰ বৰা ।
নিজৰেই ছাত্ৰীক যৌন আতিশাৰ্য চলালে নেকি শিক্ষকে ? অভিযোগ অনুসৰি, বিদ্যালয়তে ধন দি ছাত্ৰী গৰাকীক যৌন উৎপিড়ন চলোৱাৰ চেষ্টা চলাইছিল অভিযুক্ত বৰাই ৷ পৰৱৰ্তী সময়ত, ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত ছিপাঝাৰ থানাত এখন এজাহাৰ দাখিল কৰে(parents filed FIR against teacher for molestation of minor girl) ৷
975/21 US 376 AB IPC and 4 pocso নম্বৰত এটা গোচৰ ৰুজু কৰি শিক্ষক গৰাকীৰ বিৰুদ্ধে আৰক্ষী চলাই অভিযান ৷ এই অভিযানত ছিপাঝাৰ আৰক্ষীয়ে অভিযুক্ত কুশেশ্বৰ বৰাক(teacher arrested for alleged molestation)গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে অভিযুক্ত শিক্ষক গৰাকীক ৷
লগতে পঢ়ক :Bhabesh Kalita on Pradip Dutta Roy : প্ৰদীপ দত্ত ৰয়ৰ আঁৰত আছে অপশক্তি !