দলগাঁও, ১৪ জুলাইঃ বহিৰাগতক নিযুক্তি দিয়াৰ বিৰুদ্ধে দলগাঁৱৰ বৰগড়া চাহ বাগিছাত শ্ৰমিক সকলৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৰ'ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে দৰঙৰ দলগাঁৱৰ বৰগড়া চাহ বাগিছাৰ শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
বহিৰাগতক নিযুক্তিঃ দলগাঁৱত উত্তপ্ত পৰিস্থিতি - দলগাঁৱত উত্তপ্ত পৰিস্থিতি
স্থানীয় চাহ শ্ৰমিকৰ কৰ্মসংস্থাপনৰ দাবীত তীব্ৰ প্ৰতিবাদ ৷ অতি শীঘ্ৰে বহিৰাগতক সংস্থাপন দিয়া বন্ধ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷
উল্লেখ্য যে,উক্ত বাগিছাখনৰ কাৰ্যালয়ত চাহ বাগিছা খনৰ মালিক আৰু মেনেজাৰে লগ হৈ নতুনকৈ বহিঃৰাজ্যৰ এজন লোকক কৰ্মচাৰী হিচাপে নিযুক্তি দিছিল ৷ ইতিমধ্যে বহিঃৰাজ্যৰ লোকক সংস্থাপন দিয়াত ক্ষুব্ধ হৈ পৰে স্থানীয় চাহ শ্ৰমিক সকল ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি চাহ শ্ৰমিক সকলে কৰ্ম বিৰতি ঘোষণা কৰাৰ লগতে বাগিছাখনৰ মেনেজাৰৰ কাৰ্যালয়ৰ সন্মুখত স্থানীয় শিক্ষিত যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ দাবীত ৰূপায়ণ কৰে এই প্ৰতিবাদ । প্ৰতিবাদকাৰী সকলে বাগিছাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক- শৰৎ চন্দ্ৰ চহৰীয়াৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দাবী দৰং জিলা দণ্ডাধীশৰ