অসম

assam

ETV Bharat / state

টাংনি নৈৰ বানত ক্ষতিগ্ৰস্ত নৈপৰীয়া ৰাইজ - Assam Government

টাংনি নৈৰ বানৰ তাণ্ডৱত আতংকিত নৈপৰীয়া ৰাইজ । শ শ বিঘা কৃষি ভূমিৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন । জিলা উপায়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজ তথা দল-সংগঠনৰ ৷

টাংনি নৈৰ বানত ক্ষতিগ্ৰস্ত নৈপৰীয়া ৰাইজ

By

Published : Jul 12, 2019, 12:02 AM IST

দলগাওঁ, 11 জুলাইঃ দলগাওঁ সমষ্টিৰ ভোটপুখুৰী আৰু বাহাবাৰী গাঁওৰ মাজেৰে বৈ যোৱা টাংনি নৈৰ তাণ্ডৱত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । শেহতীয়াকৈ নৈ খনৰ গতি সলনি হোৱাত অঞ্চলটোৰ নেপালী বজাৰ হৈ, ভূটপুখুৰী,গলন্দী,নদীৰমুখ,বাহাবাৰী আদি গাঁৱৰ শ শ বিঘা কৃষি ভূমি নদীত জাহ যায় ৷ বিগত কিছুদিন ধৰি হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবে উফন্দি উঠা বাঢ়নী পানীয়ে নদীখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলত প্ৰৱল গৰাখহনীয়াৰ সৃষ্টি কৰিছে ৷ পৰিস্থিতিৰ সৈতে শীঘ্ৰেই মোকাবিলা কৰিবৰ বাবে দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি,সংখ্যালঘু জাতীয় পৰিষদৰ ও ভুক্তভোগী ৰাইজে দৰং জিলা উপায়ুক্তৰ লগতে অসম চৰকাৰক দাবী জনাইছে ।

টাংনি নৈৰ বানত ক্ষতিগ্ৰস্ত নৈপৰীয়া ৰাইজ

ABOUT THE AUTHOR

...view details