অসম

assam

By

Published : Jun 24, 2020, 2:24 PM IST

ETV Bharat / state

দৰঙত সংবাদকৰ্মীৰ স্বাৱ পৰীক্ষা সম্পন্ন

সংবাদকৰ্মীসকলৰ মাজত Covid-19 ৰ সংক্ৰমণ ৰোধৰ বাবে শাৰিৰীক পৰীক্ষা কৰিবলৈ জিলা প্ৰশাসনলৈ আহ্বান জনাইছিল মঙলদৈ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীসকলে ৷ উক্ত আহ্বানমৰ্মে বুধবাৰে সংবাদকৰ্মীসকলৰ স্বাৱ সংগ্ৰহ কৰে জিলা স্বাস্থ্য বিভাগে ৷

Swab collection from journalists of darrrang assam etv bharat news
সংবাদকৰ্মীৰ স্বাৱ পৰীক্ষা সম্পন্ন

দৰং,24 জুন:ক্ৰমাৎ উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি পাইছে কৰ’ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ সাধাৰণ জনতাই ঘৰতে থাকি সুৰক্ষিত হোৱাৰ পন্থা গ্ৰহণ কৰাৰ বিপৰীতে কৰ্তব্যত নিয়োজিত হৈ আছে জৰুৰীকালীন সেৱাৰ কৰ্মীসকল ৷ কৰ্তব্য অক্ষুণ্ণ ৰাখি ৰাইজক খবৰৰ টোপোলা দুৱাৰমুখতে যোগান ধৰি আহিছে ৰাজ্যৰ সংবাদ কৰ্মীসকলে ৷ জীৱনক তুচ্ছ জ্ঞান কৰা সংবাদকৰ্মীসকলৰ বিষয়ে ভাবিবলৈ আহৰি নথকা জিলা প্ৰশাসনৰ প্ৰতি Covid-19 ৰ সংক্ৰমণ ৰোধৰ বাবে শাৰিৰীক পৰীক্ষা কৰাৰ আহ্বান জনাইছিল মঙলদৈ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীসকলে ৷ উক্ত আহ্বানমৰ্মে বুধবাৰে সংবাদকৰ্মীসকলৰ স্বাৱ সংগ্ৰহ কৰে জিলা স্বাস্থ্য বিভাগে ৷ চহৰখনৰ অধিকাংশ সংবাদকৰ্মীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয় যদিও সংবাদকৰ্মীসকল কিমান সুৰক্ষিত সেয়া জানিব পৰা যাব পৰীক্ষাৰ ফলাফল লাভৰ পিছতহে ৷

সংবাদকৰ্মীৰ স্বাৱ পৰীক্ষা সম্পন্ন

ABOUT THE AUTHOR

...view details