অসম

assam

ETV Bharat / state

ছটা বিষয়ত লেটাৰ লৈ দলগাঁৱত উজলিল সুজেন আহমেদ

খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱৰ সুজেন আহমেদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ৷ ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে ছাত্ৰীগৰাকীয়ে ।

ETV BHARAT
ছটা বিষয়ত লেটাৰ লৈ দলগাঁৱত উজলিল সুজেন আহমেদ

By

Published : Jun 7, 2020, 4:26 PM IST

দৰং, 7 জুনঃহাইস্কুল শিক্ষান্ত পৰীক্ষাত ছটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল দৰং জিলাৰ খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱৰ সুজেন আহমেদে ৷ খাৰুপেটীয়াৰ prime Institute নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰী আছিল সুজেন আহমেদ ৷

ছটা বিষয়ত লেটাৰ লৈ দলগাঁৱত উজলিল সুজেন আহমেদ

খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱৰ কৃষক ছৰিফুদ্দিন আহমেদৰ কন্যা সুজেন আহমেদে ছটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি ৯১% নম্বৰেৰে অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনে । ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৮৭ , গনিতত ৯২, বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৮৭ আৰু ভূগোলত ৯৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ খাৰুপেটীয়াৰ prime Institute নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনত পঢ়িছিল ছাত্ৰী গৰাকীয়ে ৷ সুজেন আহমেদে বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে ছাত্ৰীগৰাকীয়ে । ছাত্ৰী গৰাকীৰ সফলতাত বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে গাঁওবাসী ।

লগতে পঢ়ক-অক্ষমতাক সক্ষমতালৈ ৰূপান্তৰ কৰা নগাঁৱৰ উপাংক্ষা

ABOUT THE AUTHOR

...view details